প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদাৰ গাড়ীত দুৰ্বৃত্তৰ আক্ৰমণ 

raki

নগাঁৱৰ পৰা ৱাহিদুদ জামান

লোকসভা নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছতো
চামগুৰি বিধানসভা সমষ্টিত সংঘটিত নিৰ্বাচনকেন্দ্ৰিক হিংসাই সৰ্বসাধাৰণ নাগৰিকসকলক ত্ৰস্তমান কৰি তুলিছে।বুধবাৰে পুৱা প্ৰায় ১১ বজাত চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰমা বজাৰত প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইন আৰু ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ বাহনত একাংশ দুস্কৃতিকাৰীয়ে আগচি ধৰি আক্ৰমণ কৰাৰ লগতে চাৰিখনকৈ বাহন ক্ষতিগ্ৰস্ত কৰে। এই আক্ৰমণৰ ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।


জানিব পৰা মতে,কংগ্ৰেছৰ নগাঁও লোকসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী গৌৰৱ গগৈক আদৰণি জনোৱাৰ উদেশ্যেৰে চামগুৰি সমষ্টিৰ বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ উদ্যোগত বাজিয়াগাঁৱত আৰু লাওখোৱা ব্লক কংগ্ৰেছৰ উদ্যোগত শিঙিমাৰীত অনুষ্ঠিত হ'ব লগীয়া দুখন সভাৰ বাবে আজি দুয়োটা স্থানতে প্ৰস্তুতি সভাৰ আয়োজন কৰা হৈছিল।পুৱাৰ ভাগত বাজিয়াগাঁৱত প্ৰস্তুতি সভা সম্পন্ন কৰি প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইন আৰু ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই কংগ্ৰেছ নেতা-কৰ্মীসহ শিঙিমাৰীত অনুষ্ঠিত হবলগীয়া প্ৰস্তুতি সভালৈ গৈ থকা অৱস্থাতে বৰমা বজাৰত দুস্কৃতিকাৰীৰ এই আক্ৰমণৰ সন্মুখীন হ'ব লগা হয়।হাতে হাতে চোকা অস্ত্ৰ লৈ অহা দলটোৱে ৰকিবুল হুছেইন আৰু নুৰুল হুদা উঠি যোৱা এ এছ ০১ ডি এন ২০৮৬ নম্বৰৰ ইন'ভা গাড়ীখনত শিলগুটি মাৰি আক্ৰমণ কৰাৰ লগতে ৰকিবুল হুছেইনৰ এ এছ ০১ বি এ ১৭৮৬ নম্বৰৰ গাড়ীখনৰো ক্ষতি সাধন কৰে।আক্ৰমণত আন দুখন বাহন এ এছ ০১ এ বি ৯৪৯৪ আৰু এ এছ ০২ কে এ ৮০৩৫ নম্বৰৰ বাহন দুখনো ক্ষতিগ্ৰস্ত হয়।কংগ্ৰেছ মহলৰ আভিযোগ মতে এই আক্ৰমণত বিজেপি জড়িত আছে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই চামগুৰি আৰক্ষী থানাত আক্ৰমণত জড়িত ১৩ গৰাকী লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। এজাহাৰত নাম উল্লেখ কৰা অভিযুক্তকেইজন হ'ল শ্বৰিফুল ইছলাম, হবিবুৰ ৰহমান, ৰছিদুল হক, চান মিঞা, মকবুল হুছেইন, চোৰহাব আলি, নুৰ জামাল, মজিবুৰ ৰহমান, মফিজুল ইছলাম, আজিজুৰ ৰহমান, আব্দুল খালেক, ওমৰ ফাৰুক আৰু জমিৰ উদ্দিন। ইফালে বিজেপি দলে এই ঘটনাক সম্পূৰ্ণ অস্বীকাৰ কৰাৰ লগতে একাংশ কংগ্ৰেছ কৰ্মীয়েই এই ঘটনা সংঘটিত কৰি বিজেপি দলক বদনাম কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলিহে দলটোৱে ওলোটাই অভিযোগ কৰে।raki2

আনহাতে,আজি বিয়লি নগাঁও জিলা কংগ্ৰেছ ভৱনত অনুষ্ঠিত এক সংবাদমেলত প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে কয়,'সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত কলিয়াবৰ আৰু নগাঁও সংসদীয় সমষ্টিৰ পৰা জয়ী হোৱা প্ৰাৰ্থী ক্ৰমে গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে আয়োজন কৰিব লগা সভাৰ প্ৰস্তুতিৰ বাবে আজি বাজিয়াগাঁও আৰু  লাওখোৱা ব্লকৰ উদ্যোগত দুখনকৈ প্ৰস্তুতি সভা আছিল। লাওখোৱা ব্লক কংগ্ৰেছৰ উদ্যোগত শিঙিমাৰীত আয়োজিত সভাখনত অংশগ্ৰহণ কৰাব বাবে ম‌ই বিধায়ক নুৰুল হুদাৰ গাড়ীৰে গৈ থকা অৱস্থাত বৰমা পোৱাৰ লগে লগে বিজেপিৰ একাংশ উদণ্ড কৰ্মীয়ে আমাৰ গাড়ীত আগভেটি ধৰি আমাক আবদ্ধ কৰাৰ লগতে তেওঁলোকে আমালৈ লক্ষ্য কৰি শিলগুটি দলিয়াবলৈ আৰম্ভ কৰে। ইমানেই নহয় তেওঁলোকে আমাক চোকা অস্ত্ৰ প্ৰদৰ্শন কৰি প্ৰাণে মৰাৰ ভাবুকি দিয়ে। বিজেপিৰ কৰ্মীৰ অতৰ্কিত আক্ৰমণত বিধায়ক হুদাৰ গাড়ীখন সম্পূৰ্ণ ৰূপে ভঙাৰ লগতে দুজন কংগ্ৰেছ কৰ্মীৰ ওপৰিও চালকজন আহত হয়।' 


সংবাদমেলত হুছেইনে আৰু কয়,' কেন্দ্ৰত বিজেপি চৰকাৰখন পুনৰবাৰ অহাৰ লগে লগে একাংশ বিজেপি কৰ্মী এতিয়া ওভতগোৰে নাচিছে। তেওঁলোকে কংগ্ৰেছ নেতা-কৰ্মীসকলক ভয়-ভাবুকি দিয়া আৰম্ভ কৰিছে।" চামগুৰিত এতিয়া বিজেপি নামধাৰী অপৰাধীৰ দপদপনি বৃদ্ধি পাইছে বুলি অভিযোগ কৰি হুছেইনে কয়, 'মজিবুৰ, মফিজুল, শ্বৰিফুলহঁতৰ দৰে দাগী অপৰাধীৰ হতুৱাই আমাক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰে মজিবুৰ আৰু শ্বৰিফুলে ইতিমধ্যে অপৰাধমূলক কাৰ্য সংঘটিত কৰি জেলৰ পৰা জামিনত ওলাই আহিছে আৰু তেওঁলোকক আৰক্ষীৰ হতুৱাই অপৰাধসমূহৰ পৰা মুক্ত কৰি দিয়াৰ প্ৰলোভনেৰে বিজেপি নেতাই তেওঁলোকক আমাক আক্ৰমণ কৰিবলৈ উচটনি দি আহিছে।'কংগ্ৰেছ দুৰ্বল দল নহয় বুলি মন্তব্য কৰি হুছেইনে কয় , 'কংগ্ৰেছ বৃটিছ আৰু আলফাৰ লগত যুঁজা দল। চামগুৰিৰ শান্তিপ্ৰিয় ৰাইজক অশান্ত কৰাৰ বিজেপিৰ পৰিকল্পনা কেতিয়াও সফল নহয়।'প্ৰাক্তন মন্ত্ৰী হুছেইনে আক্ৰমণৰ ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে ৰহস্যজনকভাৱে নীৰৱ ভূমিকা গ্ৰহণ কৰাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে। 


সংবাদমেলখনত অংশ লৈ বিধায়ক নুৰুল হুদাই কয় যে বিজেপিৰ সৈতে জড়িত  দুৰ্বৃত্তসকলৰ তেওঁলোকক প্ৰাণে মৰাৰ ইচ্ছা আছিল।প্ৰশাসনক জনোৱাৰ পিছতো ব্যৱস্থা গ্ৰহণ কৰা নাই।

Your Comments