পৰ্যটন

--ৰাজকমল চাংকাকতি--

     সেয়া সেউজীয়া সোণৰ অপৰূপ ভূমি।তাৰ মাজৰে আগবাঢ়িছিলোঁ। হৃদয়ত সেউজীয়া মুহূৰ্তবোৰ সৃষ্টি কৰিবলৈ অপাৰ ক্ষমতা সেই সোণ যেন বৃক্ষসমূহৰ।চাহ অসমৰ অৰ্থনীতিৰ বাবে সঁচাকৈয়ে স্বৰ্ণসদৃশ মূল্যৱান।বহিঃবিশ্বত অসমৰ এটা প্ৰধান পৰিচয়।অপূৰ্ব সৌন্দৰ্যৰ উৎস চাহ বাগিছাবোৰক কেন্দ্ৰ কৰিয়েই লাখ লাখ লোকৰ জীৱন-জীৱিকা।উজনি অসমৰ মাৰ্ঘেৰিটা চহৰৰ কিছুদূৰ গৈয়েই নামদাং চাহ বাগিচা।বাগিচাখনত কটোৱা সময়খিনি,বাগিচাখনৰ ওখ-চাপৰ এলেকাৰ মাজেৰে ২০১৬ চনৰ শীত ঋতুৰ এটা দুপৰীয়াৰ সেই ভ্ৰমণ সম্ভৱ নহয় পাহৰি পেলোৱা।