ৰাজ্য

"নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যৰ পৰিস্থিতি এতিয়া সৰ্বাত্মক-সৰ্বস্তৰীয় গণ আন্দোলনত আছে।এনে সময়ত ফিল্মফেয়াৰৰ দৰে এটা ব্যক্তিগত পুঁজিপতি গোষ্ঠীৰ এখন আলোচনীৰ এটা অনুষ্ঠান চৰকাৰী পৃষ্ঠপোষকতাত ৰাইজৰ ধনেৰে অনুষ্ঠিত কৰাটো গ্ৰহণযোগ্য নহয়"-এই মন্তব্য অধিবক্তা তথা আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ,অসমৰ মুখ্য আহ্বায়ক অৰূপ বৰবৰাৰ।১৫ফেব্ৰুৱাৰীত গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব লগা ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান বাতিল আৰু ৰাইজক বৰ্জন কৰাৰ আহ্বান জনাই  মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ৰাজ্যৰ 'কা' বিৰোধী বুদ্ধিজীৱী-শিল্পী-নাগৰিক সমাজে ঐক্যবদ্ধভাৱে সংবাদমেল সম্বোধন কৰে।চৰকাৰৰ পৃষ্ঠপোষকতাত ৩০কোটি টকা ৰাইজৰ ধনেৰে পূৰ্