ক্ৰীড়া

নিউজ ডেস্ক:

টেলেণ্ট চাৰ্চ এছ'চিয়েচন, দিল্লীৰ দ্বাৰা আয়োজিত সপ্তম ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়া টাইকোৱানডোত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি মুগ্ধা দাসে স্বৰ্ণ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।১৮ ছেপ্টেম্বৰৰ পৰা নতুন দিল্লী পিতামপুৰাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ ২৮কেজি অনুৰ্ধৰ ছাব জুনিয়ৰ শাখাত স্বৰ্ণ পদক লাভ কৰে অসমৰ মুগ্ধা দাসে।  

উল্লেখ্য যে অসমৰ টাইকোৱানডো দলে শ্ৰেষ্ঠ দলৰ সন্মান ৰূপে ট্ৰফী লাভ কৰে প্ৰতিযোগিতাখনত।