গুৱাহাটী :
আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে "২৫ সংখ্যক ৰাজ্যিক কৃষি-উদ্যান শস্য মেলা ২০২৬" ৰ শুভাৰম্ভ হোৱা বুলি জানিব পৰা গৈছে।
আজিৰে পৰা ১ মাৰ্চ ২০২৬ তাৰিখলৈ খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ চৌহদৰ খেলপথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে "২৫ সংখ্যক ৰাজ্যিক কৃষি-উদ্যান শস্য মেলা"। অসম উদ্যান সমিতিয়ে অসম চৰকাৰৰ কৃষি সঞ্চালকালয়, উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা এই মেলাত এইবেলি ৭৫ খন বিপণিয়ে অংশগ্ৰহণ কৰিব। বিপণিসমূহত ৰাজ্যৰ বিভিন্ন জিলাৰ উন্নত মানদণ্ডৰ কৃষিজাত আৰু উদ্যান শস্যৰ সামগ্ৰী বিক্ৰীৰ লগতে একাংশ কৃষি-উদ্যান প্ৰযুক্তি জনিত বিষযৰ প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও দুয়োটা খণ্ডৰ সৈতে জড়িত চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান তথা বিভাগে এই মেলাত যোগদান কৰিব বুলিও জানিব দিছে আয়োজক সমিতিয়ে।
অসমৰ মাননীয় *কৃষিমন্ত্ৰী অতুল বৰা* ৰ পৃষ্ঠপোষকতাত তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিদ্যুৎ চন্দ্ৰ ডেকা, কৃষি বিভাগৰ আয়ুক্ত সচিব তথা কৃষি উৎপাদন আয়ুক্ত অৰূপা ৰাজখোৱাৰ পৰামৰ্শ মৰ্মে কৃষি-উদ্যান শস্য মেলা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবেও ইতিমধ্যেই এখন আয়োজক সমিতি গঠন কৰি মেলাৰ সকলো কাম পৰিচালনা কৰি থকা হৈছে । এই সমিতিৰ অধ্যক্ষৰ দায়িত্বত আছে *ড০ মঞ্জুৰা মোহন কলিতা* আনহাতে আয়োজক সমিতিৰ আহ্বায়কৰ দায়িত্ব বহন কৰিছে *কৈলাশ চন্দ্ৰ তালুকদাৰে।*
অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক-প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি *কুলধৰ শইকীয়াদেৱে* এই মেলা উদ্বোধন কৰিব।
উল্লেখযোগ্য যে, অসমত প্ৰচুৰ লাভৰ সুযোগ থকা উদ্যান শস্য ক্ষেত্ৰখনৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে অসম উদ্যান সমিতিয়ে ১৯৯৫ চনত প্ৰথমবাৰৰ বাবে এই উদ্যান মেলাৰ আয়োজন কৰিছিল। যত মূলতঃ নাৰ্ছাৰীসমূহক প্ৰাধান্য দিয়া হৈছিল। পৰৱৰ্তী সময়ত এই মেলাই জনসাধাৰণৰ লগতে চৰকাৰৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ইয়াৰ ফলস্বৰূপে দুবাৰকৈ আন্তৰ্জাতিক উদ্যান শস্য মেলাও সফলতাৰে অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে উদ্যান শস্যই কেৱল আমাক খাদ্য আৰু পুষ্টি যোগান ধৰাই নহয়, ই পৰিবেশ সজাই পৰাই তোলাতো বিশেষ ভূমিকা লয়। উদ্যান শস্যৰ জৰিয়তে কিদৰে স্ব-নিয়োজন কৰিব পাৰি সেই বিষয়ে জনসাধাৰণক সজাগ কৰি তোলাৰ উপৰি নাৰ্ছাৰী উদ্যোগটোক কেনেকৈ আগুৱাই নিব পাৰি সেই লক্ষ্য আগত লৈয়ে এই মেলাত বিক্ৰীৰ উপৰিও সামগ্ৰী প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হয়।
উল্লেখযোগ্য যে এইবাৰ মেলাত বিভিন্ন প্ৰকাৰৰ ফুলৰ প্ৰতিযোগিতা, বনচাই কৰা, পাতনি সজোৱা, ফুল আৰু ফলৰ ওপৰত কৰা কাৰু-কাৰ্য আদিৰ বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। ইয়াৰ উপৰিও কৃষি-উদ্যান শস্য বিষয়ক কেবাখনো আলোচনা চক্ৰ, প্ৰশিক্ষণ আদিও মেলা স্থলীতে অনুষ্ঠিত কৰা হ'ব বুলি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনাইছে উদ্যোক্তা
অসম উদ্যান সমিতিৰ সভাপতি *ড০ মঞ্জুৰা মোহন কলিতা* প্ৰধান সম্পাদক *ত্ৰৈলোক্য শৰ্মা* আৰু আহ্বায়ক *কৈলাশ চন্দ্ৰ তালুকদাৰে* ।
- Log in to post comments
- 5 views
