নিউজ ডেস্ক:
সোমবাৰে এখন জনসভাত জনতাক উদ্দেশ্যে কৰি মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভূপাল সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দিগ্বিজয় সিঙে প্ৰশ্ন কৰিছিল যে কাৰ বেংক একাউন্টত নৰেন্দ্ৰ মোডীয়ে প্ৰতিশ্ৰুতি দিয়া ১৫ লাখ টকা আহিল।তেতিয়া,সভাৰ জনতাৰ মাজত থকা অমিত ছ'নী নামৰ যুৱকজনে হাত দাঙিছিল।
ছ'নীক দিগ্বিজয় সিঙে মঞ্চলৈ মাতি নিয়াৰ পিছত যুৱকজনে সিঙৰ সন্মুখতে নৰেন্দ্ৰ মোডীয়ে ছার্জিকেল স্ট্ৰাইক কৰিছে,সন্ত্ৰাসবাদীক নিধন কৰিছে বুলি শলাগ লয়।সেই সময়ত হতভম্ব হৈ পৰা মঞ্চৰ কংগ্ৰেছ নেতাসকলে ছ'নীক আঁতৰাই লৈ যায়।
কংগ্ৰেছৰ সভাত প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰাৰ বাবে এই অমিত ছ'নীকে ভূপাল বিজেপিয়ে পিছত সম্বৰ্ধনা জনায়।
- Log in to post comments
- 26 views