"ৰাজনৈতিক প্ৰতিদ্বন্দীসকলেও এইবাৰ বিজেপি জয়ী হ'ব বুলি কৈছে"

sidhartha

তপন বৰগোহাঁই

দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে  পূব গুৱাহাটী সমষ্টিৰ  বিজেপি বিধায়ক তথা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। পৰিয়ালৰ সদস্যসকলৰ সৈতে আহি পুৱাৰ ভাগতে মহানগৰীৰ বাণীকান্ত বি টি কলেজত  ভোটাধিকাৰ সাব্যস্ত কৰে মন্ত্ৰীগৰাকীয়ে।


ভোট দি সিদ্ধাৰ্থ ভট্টাচাৰ্যই মন্তব্য কৰে যে পুৱাৰ ভাগৰ পৰা ভোটদান কৰিবলৈ ভোটদাতাৰ যি দীঘলীয়া শাৰী,সেই শাৰীয়েই প্ৰমাণ কৰিছে গণতন্ত্ৰৰ পক্ষত জনসাধাৰণ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে।ই এটা শুভ লক্ষণ।লগতে কয় যে ভোটদানৰ প্ৰতি  জনসাধাৰণৰ পূৰ্ণ সঁহাৰিয়ে গণতন্ত্ৰৰ  প্ৰতি মানুহৰ আস্থা  থকাৰ কথাটোকেই সূচাইছে।   ৰাইজ এইদৰে ওলাই অহাৰ বাবে তেওঁ সকলোকে ধন্যবাদ জনায়।

আনহাতে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাই লাচিত নগৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি ইভিএমৰ বিৰুদ্ধে যি গুৰুতৰ অভিযোগ উথাপন কৰিছিল, সেই সন্দৰ্ভত ভট্টাচাৰ্যই কয় যে সেইটো কেতিয়াও হ'ব নোৱাৰে।ভিভিপেট ব্যৱস্থাই আপুনি কাক ভোট দিছে,তাক এইবাৰ প্ৰমাণ কৰিছে। লগতে কয় যে  আজিকালি হৰেকৃষ্ণ ডেকাৰ  স্থিতি সলনি হৈছে।স্থিতি সলনিয়ে তেওঁৰ মন্তব্য সলনি কৰিছে বুলি উল্লেখ কৰে।

আনহাতে ২০১৬চনৰ বিধানসভাৰ নিৰ্বাচনতকৈ  এই নিৰ্বাচনত ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি বেছি বুলি তেওঁ অভিমত ব্যক্ত কৰে।এই ছবিখনে পুনৰ বিজেপি চৰকাৰ অহাৰ কথা কয় বুলি তেওঁ উল্লেখ কৰে।

আনহাতে,ৰাজনৈতিক প্ৰতিদ্বন্দীসকলেও এইবাৰ বিজেপি জয়ী হ'ব বুলি কৈ আহিছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

Your Comments