তপন বৰগোহাঁই
দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে অসমীয়া ছবিজগতৰ মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। সাধাৰণ ভোটাৰৰ শাৰীত পুৱাৰ ভাগতে শাৰী পাতি ভোট দিলে অভিনেত্ৰী বৰষাই।গুৱাহাটী লোকসভা সমষ্টিৰ ১২৭ নম্বৰ উজান বজাৰ শিশু বিদ্যালয়ত ভোটদান কৰি বৰষাই কয় যে ভোটধিকাৰ সাব্যস্ত কৰি গণতান্ত্ৰিক দেশৰ এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে মই মোৰ অধিকাৰ আৰু দায়িত্ব পালন কৰিছোঁ। লগতে কয় যে এই দায়িত্ব প্ৰতিগৰাকী নাগৰিকে পালন কৰাটো উচিত।
আনহাতে এইবাৰৰ নিৰ্বাচনত নতুন ভোটাৰসকল ভোট দিবলৈ ওলাই অহা প্ৰসঙ্গ উত্থাপন কৰি তেওঁ কয় যে যুৱ প্ৰজন্মৰ ভোটাৰসকল ওলাই অহাটোৱে প্ৰমাণ কৰিছে যে দেশ সজাগ হৈছে।লগতে ৰাজনীতিকসকলক উদ্দেশ্য কৰি অভিনেত্ৰীগৰাকীয়ে কয় যে দেশ সজাগ হৈছে,এতিয়া ৰাজনীতিকসকলো সজাগ হ'বৰ হ'ল।
আনহাতে,অভিনেত্ৰীগৰাকীয়ে কেনে ব্যক্তিক সাংসদ হিচাপে বিচাৰে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে যি সংসদত আমাৰ কথাবোৰ বলিষ্ঠভাৱে ক'ব পাৰিব,তেনে ব্যক্তিক সাংসদ হিচাপে বিচাৰোঁ।
বৰষাই ৰাজনীতি সন্দৰ্ভত কয় যে আচলতে ৰাজনীতি লেতেৰা নহয়।কিন্তু ৰাজনীতিক আজি লেতেৰা কৰা হৈছে।লগতে এগৰাকী সাধাৰণ নাগৰিক হিচাপে এতিয়া নিকা ৰাজনীতি বিচৰাৰ কথাও কয়।লগতে আহিব লগা সাংসদগৰাকীক আহ্বান জনাই কয় যে ভাল কাম কৰক,পৰৱৰ্তী পাঁচ বছৰতো আপুনিয়েই সাংসদ হ'ব।
- Log in to post comments
- 20 views