খিলঞ্জীয়াৰ প্ৰভুত্ব বাহাল ৰখাৰ আশা বুকুত বান্ধিয়েই ওলাই আহিছো : ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য

samujjal

নিউজ ডেস্ক :

তৃতীয় পৰ্য্যায়ৰ লোকসভাৰ নিৰ্বাচনত আছুৰ মুখ্যউপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যয়ো ভোটাধিকাৰ সাব্যস্ত কৰে।দক্ষিণ শৰণীয়া প্ৰাথমিক বিদ্যালয়ত আজি পুৱাৰ ভাগতে ডঃ ভট্টাচাৰ্যই সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ। জনতাৰ সৈতে শাৰীত শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰি ভট্টাচাৰ্যই মন্তব্য কৰে যে গণতন্ত্ৰত ৰাইজেই ৰজা,আজিৰ দিনটোত ৰাইজ ওলাই আহিছে আৰু এই কথাই প্ৰমাণ কৰিছে যে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক আগুৱাই নিয়াৰ বাবে ৰাইজ আগ্ৰহী।

লগতে তেওঁ আজিৰ দিনটোক ৰাইজৰ দিন বুলিও অভিহিত কৰে।আনহাতে ভোটদাতাৰ শাৰীত শাৰী পাতি ভোটদান  কৰাৰ প্ৰসঙ্গ উথাপন কৰাত ডঃ ভট্টাচাৰ্যই কয় এইখন অসম আমাৰ । অসমখনত সদায় যাতে খিলঞ্জীয়া ৰাইজৰ প্ৰভুত্ব আৰু নিয়ন্ত্ৰণ থাকে আৰু খিলঞ্জীয়া ৰাইজে যাতে সদায় হাতে হাত ধৰি নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে সেই লক্ষ্য আগত ৰাখিয়েই শাৰী পাতি ৰৈ আছোঁ বুলি মন্তব্য মুখ্য উপদেষ্টা গৰাকীৰ।

আনহাতে ভোটকেন্দ্ৰ সমূহত ভোটদাতা ৰাইজৰ দীঘলীয়া শাৰীৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় এইয়া গণতন্ত্ৰৰ বাবেই এক ইতিবাচক লক্ষণ।গণতন্ত্ৰত যে ৰাইজ ৰজা সেই কথা প্ৰতিস্থা হোৱা বুলিও তেওঁ অভিমত ব্যক্ত কৰে।

ইয়াৰ উপৰিও তেওঁ নিজকে আশাবাদী বুলি উল্লেখ কৰি কয় আজিৰ দিনটো সকলোৰে বাবে এক গুৰুত্বপূৰ্ণ দিন ।এইখন অসমত সদায় যাতে খিলঞ্জীয়া ৰাইজৰ প্ৰভুত্ব আৰু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰাৰ ক্ষমতা বাহাল থাকে সেই আশা লৈয়ে ওলাই আহিছোঁ বুলিও তেওঁ মত প্ৰকাশ কৰে।

Your Comments