নিউজ ডেস্ক :
আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। অসমৰ চাৰিটা সমষ্টিত আজি জনাদেশ। পূৱ ৫.৩০ বজাৰ পৰাই সকলো স্থানতে দেখা পোৱা গৈছে জনতাৰ দীঘলীয়া শাৰী। গুৱাহাটীৰ বামুনিমৈদামস্থিত জনস্বাস্থ কাৰিকৰী বিভাগৰ কাৰ্য্যালয় চৌহদৰ ভোটকেন্দ্ৰত পুৱা ৮.৩০ বজাত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে কংগ্ৰেছৰ লোকসভাৰ প্ৰাৰ্থী ববিতা শৰ্মাই। সাধাৰণ জনতাৰ সৈতে শাৰীত থিয় হৈ ভোট দিয়ে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে। ভোট দিবলৈ আহি ববিতা শৰ্মাই কয় যে ৰাইজৰ ওপৰত আস্থা আছে । ভোট দিবলৈ সকলো ৰাইজ ওলাই আহিছে আৰু সকলো ওলাই অহাটো এটা ভাল লক্ষণ। ইভিএম বিসংগতিৰ বাবে জনতাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাত যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি দৃষ্টি দিবলৈ তেওঁ প্ৰশাসনক অনুৰোধ জনায়।
- Log in to post comments
- 22 views