নাং কৃষ্টিপ্ৰিয়া গগৈ
আজি অসমত অন্তিম পৰ্যায়ৰ নিৰ্বাচন। ইভিএমত বন্দী হ'ব ৫৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। গুৱাহাটী,বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীত আজি অসমৰ অন্তিম পৰ্যায়ৰ ভোটযুদ্ধ।
গুৱাহাটী সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী কুইন ওজাই পুৱা ৭ বজাতে লাচিত নগৰৰ প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰে। লগত তেওঁৰ স্বামী আৰু বোৱাৰীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।ভোট দি কুইন ওজাক যথেষ্ট উৎফুল্লিত হোৱা দেখা গৈছিল।
ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁ কয় যে নিৰ্বাচনৰ ফলাফলৰ ক্ষেত্ৰত তেওঁ ১০০ শতাংশই নিশ্চিত।তেওঁ যিহেতু এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী সেয়ে পুৱাতে আহি নিজৰ ভোট দিলে। তেওঁ লগতে কয় যে পুৱাৰে পৰা ৰাইজ ওলাই অহাটো শুভ লক্ষণ।আজি দিনটোত গুৱাহাটীৰ বিভিন্ন স্থানলৈ যাব বুলিও তেওঁ মন্তব্য কৰে।
- Log in to post comments
- 10 views