বিজেপিৰ কোনে টিকট পাব তেজপুৰ আৰু নগাঁও সমষ্টিত?

ne

ৰাজ্যৰ ৰাজনীতিত পাখি কটা হ'ল বিজেপিৰ বৰ্তমানৰ তিনিজন সাংসদৰ। বৃহস্পতিবাৰে দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ত ঘোষণা কৰা হ'ল অসমত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিব লগা ১০টা সংসদীয় সমষ্টিৰ ৮টাৰ প্ৰাৰ্থী তালিকা।গুৰুত্বপূৰ্ণ কথা যে এই  প্ৰাৰ্থী তালিকাত স্থান নাপালে দলটোৰ বৰ্তমানৰ সাতজন সাংসদৰ তিনিজনে। সেই অনুসৰি দলটোৰ জ্যেষ্ঠ  নেত্ৰী তথা গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তী,  মঙলদৈ সমষ্টিৰ  সাংসদ ৰমেন ডেকা,যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই প্ৰাৰ্থিত্ব নাপালে।।উল্লেখ্য যে টিকট নোপোৱা উক্ত সাংসদকেইজনৰ বিৰূদ্ধে আছে সমষ্টিত কাম নকৰাৰ অভিযোগ। পুনৰ সেইসকলক টিকট দিলে আসন হেৰোৱাৰ ভয়ত নতুন প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিছে দলটোৱে। আনহাতে নগাঁও আৰু তেজপুৰক লৈ এতিয়াও ৰাজ্যিক বিজেপিয়ে নিৰ্বাচন কৰিব পৰা নাই দুজন উপযুক্ত প্ৰাৰ্থী। কাৰণ  সমষ্টি দুটাৰ বিজেপি সাংসদ দুজনৰ বিগত দিনবোৰৰ কৰ্মক লৈ সুখী নহয় দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে বিজেপি ৰাজ্যিক নেতৃত্ব।যাৰ বাবে দুজন নতুন প্ৰাৰ্থীক উক্ত সমষ্টি দুটাত টিকট দিয়াৰ বাবে প্ৰস্তুতি চলাইছে  বিজেপি নেতৃত্বই।কিন্তু অতি গুৰুত্বপূৰ্ণ  এই যে নগাঁৱৰ সাংসদ ৰাজেন গোহাঁইয়ে নিজে টিকট নাপালে পত্নীক উক্ত সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰোৱাৰ বাবে টিকট বিচৰাত এতিয়া বিমোৰত পৰিছে বিজেপি ৰাজ্যিক নেতৃত্বৰ লগতে কেন্দ্ৰীয় নেতৃত্ব। ঠিক একেদৰে তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই টিকট নাপালে অন্য দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিম বুলি কোৱাৰ পিছতে এতিয়া উক্ত সমষ্টিটোক লৈ সিদ্ধান্ত ল'ব পৰা বিজেপি নেতৃত্বই। আনহাতে সাংসদ আৰ পি শৰ্মাই টিকট লাভ নকৰিলেও  পৰৱৰ্তী সময়ত অন্য দলত যোগদান নকৰো বুলি কৈছে যদিও এতিয়ালৈকে দলটোৰ নেতৃত্বই সাংসদগৰাকীৰ  গতি-প্ৰকৃতিক বুজিব পৰা নাই।ফলত তেজপুৰত নতুন প্ৰাৰ্থীক টিকট দিব নে আৰ পি শৰ্মাক টিকট দিব,তাক লৈ চিন্তিত বিজেপি নেতৃত্ব।আনহাতে,তেজপুৰ আৰু নগাঁৱত যদি বৰ্তমানৰ সাংসদ দুজনৰ টিকট কটা যায়,তেন্তে অসমৰ ৭জন বিজেপি বৰ্তমান সাংসদৰ ৫ জনে টিকট নোপোৱাটো প্ৰায় নিশ্চিত হ'ব।  যদি সেয়াই হয়, বিগত পাঁচ বছৰত অসমৰ বাবে বিজেপি সাংসদসকলে যে একো কাম নকৰিলে সেইয়া অতিকৈ স্পষ্ট হ'ব।

Your Comments