গহপুৰৰ বাগিচাই বাগিচাই ভানু

গহপুৰৰ বাগিচাই বাগিচাই ভানু

আগন্তুক লোকসভা নিৰ্বাচনত জয়লাভ কৰিবৰ বাবে সকলোৱে বিভিন্ন পন্থাৰে চেষ্টা অব্যাহত ৰাখিছে৷ নিজ নিজ সমষ্টিত ভোটাৰক আকৃষ্ট কৰাৰ লক্ষ্যৰে প্ৰচাৰ অভিযানৰ চেষ্টা চলাইছে৷ অসম প্ৰদেশ কংগ্ৰেছৰ পৰা তেজপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লক্ষ্যৰে এমজিভিকে ভানুৱে গহপুৰৰ চাহ বাগিচা পৰিদৰ্শন কৰে৷ উল্লেখ্যে ভানুৱে অসমৰ মুখ্য সচিব পদৰ পৰা যোৱা বছৰ অৱসৰগ্ৰহণ কৰে৷

কিছু দিন পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছত যোগদান কৰি তেজপুৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ চেষ্টা চলাইছে৷ ভানু বিশেষকৈ অন্ধ্ৰপ্ৰদেশ নিবাসী যদিও বহু বছৰ ধৰি অসমত কাম কৰি অসমৰ পৰা নিৰ্বাচন খেলিব বুলি ইচ্ছা প্ৰকাশ কৰে৷ তেখেতে চাহ বাগিচাৰ লোকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বিজেপি চৰকাৰে চাহ বাগিচাৰ লোকসকলৰ সৈতে খেলা কৰিছে বুলি কয়৷ 

পুৰুপবাৰী চাহ বাগিচাত সংবাদ মাধ্যমৰ আগত কয় যে চাহ বাগিচাৰ এজন কৰ্মীয়ে দৈনিক ৩৯১ টকা পাৰিশ্ৰমিক লাভ কৰিব লাগে৷ ইয়াৰ উপৰি ভানুৱে কয় , ‘বিনামূলীয়া চাউল দিলে কৰ্মীসকলৰ কোনো উপকাৰ নহয়, যদিহে তেওঁলোকক উপযুক্ত বেতন প্ৰদান নকৰে৷’ ভানুৱে লোকসভা নিৰ্বাচনত জয়লাভৰ বাবে গহপুৰৰ সৰ্বমুঠ ৯খন চাহ বাগিচা পৰিদৰ্শন কৰে৷ এমজিভিকে ভানুৰ এই প্ৰচেষ্টা দিল্লীলৈ যোৱাৰ পথ মসৃন কৰাৰ এক প্ৰয়াস বুলি ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে।

Your Comments