ৰঙিয়াত কংগ্ৰেছৰ সজাগতা সভা

ৰঙিয়াত কংগ্ৰেছৰ সজাগতা সভা

ৰন্ধন গেছ, পেট্ৰ'ল-ডিজেল, অত্যাৱশ্যকীয় খাদ্যসামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছ দলে ৰঙিয়া ষ্টেচনত এক সজাগতা সভা অনুষ্ঠিত কৰে । ৰঙিয়া ব্লক কংগ্ৰেছ সমিতিৰ সভাপতি ৰবিন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাখনত ৰঙিয়াৰ প্ৰাক্তন বিধায়ক ঘনেশ্যাম কলিতাই জনসাধাৰণৰ উদ্দেশ্যে বক্তব্য আগবঢ়াই কয় যে বিজেপি মিত্ৰজোঁট চৰকাৰখনে পৰিৱৰ্তনৰ নামত শ্লোগান আওৰাই সাধাৰণ জনতাৰ ওপৰত শোষণ আৰম্ভ কৰিছে ।

জনসাধাৰণক নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ এতিয়া পালন কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে চৰকাৰখন । দিনক দিনে ৰন্ধন গেছ, পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি হোৱাৰ ফলত সাধাৰণ জনতাই কক্‌বকাবলগীয়া অৱস্থা হৈছে । কংগ্ৰেছ চৰকাৰৰ দিনত কৰা কামবোৰই এতিয়া উদ্বোধন কৰি বিজেপি চৰকাৰে কৰা বুলি জনসাধাৰণক আভুৱা-ভাঁৰিছে । বিজেপি চৰকাৰে কোনো নতুন আঁচনি আৰম্ভ নকৰি কংগ্ৰেছ চৰকাৰে দৰিদ্ৰৰ নামত কৰা আঁচনিসমূহো বন্ধ কৰিবলৈ লৈছে ।

বিজেপি  চৰকাৰখনে জনসমৰ্থন হেৰুওৱাৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ভয় খাইছে বুলিও লগতে কয় প্ৰাক্তন বিধায়কগৰাকীয়ে । আনহাতে জনসাধাৰণক সমাগত লোকসভা নিৰ্বাচনত বিজেপি চৰকাৰখনক উচিত প্ৰত্যুত্বৰ দিয়াৰ বাবে আহ্বান জনায় । সজাগতা সভাখনত উপস্থিত থাকি ৰঙিয়া ব্লক কংগ্ৰেছৰ সভানেত্ৰী জতিলা বৈশ্যই কয় যে বিজেপি চৰকাৰখনে দুখীয়াৰ কথা নাভাবি পৰিৱৰ্তনৰ নামত শোষণ আৰম্ভ কৰিলে ।

চৰকাৰখনে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ পালনত সম্পূৰ্ণ ব্যৰ্থ হৈছে । আজিৰ সভাখনত নগৰ ব্লক কংগ্ৰেছৰ সম্পাদক দিলোৱাৰ হুছেইন, নগৰ মহিলা কংগ্ৰেছৰ ৰুমী বেগম, নগৰ ব্লক কংগ্ৰেছৰ ফৰিদ আলী, হাৰুণ ৰছিদসহ বহুকেইগৰাকী নেতাই বিজেপি চৰকাৰখনৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।
 

Your Comments