যুৱ নেতা জ্যোতিৰ্ময় বৈশ্যক সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ মুখপাত্ৰ নিযুক্তি 

যুৱ১নেতা১জ্যোতিৰ্ময়১বৈশ্যক১সৰ্বভাৰতীয়১যুৱ১কংগ্ৰেছৰ১মুখপাত্ৰ১নিযুক্তি 

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্য তথা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক জ্যোতিৰ্ময় বৈশ্যক সৰ্বভাৰতীয় যুৱ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে৷ উল্লেখ্য যে আজি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছ কমিটীৰ সভাপতি কেশৱ চান্দ যাদৱে এক নিৰ্দেশমৰ্মে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছ কমিটীৰ ছয়গৰাকী মুখপাত্ৰ নিযুক্তি দিছয়ে৷ তাৰ ভিতৰত এজন হ'ল অসমৰ বঙাইগাঁৱৰ জ্যোতিৰ্ময় বৈশ্য৷ জ্যোতিৰ্ময় বৈশ্যই বঙাইগাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সম্পাদক,  বঙাইগাঁও জিলা এন এছ ইউ আইৰ সভাপতি, বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে পূৰ্বে কাৰ্যনিৰ্বাহ কৰাৰ পিচত বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্য তথা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদকৰ পদত আছে৷

ইপিনে যুৱ নেতাজনক সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ মুখপাত্ৰৰ দায়িত্ব প্ৰদান কৰাত বঙাইগাঁও জিলা কংগ্ৰেছ কমিটীয়ে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে জ্যোতিৰ্ময় বৈশ্যক শুভেচ্ছা জনাইছে৷ এক প্ৰেছ বিবৃতিত বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ে জ্যোতিৰ্ময় বৈশ্যৰ ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰত একনিষ্ঠভাবে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে৷

Your Comments