লোকসভা নিৰ্বাচনৰ পূৰ্বে শিৱসেনা, এছবিএছপিৰ অসন্তুষ্টি : সংকটত বিজেপি

২

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে মিত্ৰ দলসমূহৰ অসন্তুষ্টি ক্ৰমাৎ বৃদ্ধি পাইছে।মহাৰাষ্ট্ৰত মিত্ৰ দল শিৱসেনাই বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক মানোভাৱেৰে কঠোৰ বাক্য প্ৰয়োগ কৰি গৈছে। পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত বিজেপিৰ প্ৰতি দেশৰ জনতাৰ সমৰ্থন হ্ৰাস পোৱাৰ উমান পাই গেৰুৱা দলৰ কেন্দ্ৰীয় আৰু মহাৰাষ্ট্ৰৰ নেতৃবৰ্গই শিৱসেনাৰ সৈতে মিত্ৰতা অটুট ৰখাৰ বাবে তৎপৰ হৈছে। কিন্তু শিৱসেনাই অকলে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিষয়ে দোহাৰি গৈছে।

বিগত কিছু বছৰৰ পৰা শিৱসেনাৰ ভোট বিজেপিয়ে নিজৰ পক্ষলৈ অনাৰ অভিযোগ শিৱসেনাৰ। শেহতীয়াকৈ শিৱসেনাৰ নেতৃত্বই কৈছে যে মহাৰাষ্ট্ৰত তেওঁলোক সদায় 'বিগ ব্ৰাডাৰ' আৰু সদায় এই স্থিতিতে থাকিব। মহাৰাষ্ট্ৰৰ বিধানসভাত শিৱসেনাতকৈ বিজেপিৰ আসন বেছি যদিও বিজেপিক অগ্ৰণী দল বুলি মানিব নোখোজে ৰাজ্যখনত গেৰুৱা দলৰ সৈতে একেলগে চৰকাৰ চলোৱা দলটোৱে। এতিয়া খবৰ আহিছে যে শিৱসেনাক মিত্ৰতাত ৰাখিবলৈ বিজেপিয়ে লোকসভা নিৰ্বাচনত ৫০-৫০ আসনত একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰস্তাৱ আগবঢ়াইছে।

২

কিন্তু এতিয়ালৈকে উদ্ধৱ থাকৰে নেতৃত্বাধীন দলটো এই প্ৰস্তাৱত সন্মত হোৱা নাই। দলটোৰ মুখ্য সচেতক, ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাওতে ইফালে বিপৰীত বক্তব্য আগবঢ়াইছে। নিৰ্বাচনী মিত্ৰতাক নস্যাৎ কৰি ৰাওতে কয় যে বিজেপিৰ তৰফৰ পৰা নিৰ্বাচনী জোঁটবন্ধনৰ কোনো প্ৰস্তাৱ অহা নাই। আমি এনে প্ৰস্তাৱ লৈ অপেক্ষাও কৰা নাই। ইফালে উত্তৰ প্ৰদেশত বিজেপিৰ মিত্ৰ দল সুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টিও গেৰুৱা দলটোৰ প্ৰতি অসন্তুষ্ট হৈছে। এছবিএছপিৰ অধ্যক্ষ অ'পি ৰাজভৰে মুকলিকৈ ৰাহুল গান্ধীৰ প্ৰশংসা কৰিছে৷

ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী পদৰ বাবে উপযুক্ত বুলি ৰাজভৰে উল্লেখ কৰিছে৷ এনেদৰে মিত্ৰ দলৰ অসন্তুষ্টিত লোকসভা নিৰ্বাচনৰ পূৰ্বে সংকটৰ সন্মুখীন হৈছে বিজেপি৷ বিশেষকৈ মহাৰাষ্ট্ৰত শিৱসেনাৰ সৈতে একত্ৰিতভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ নোৱোৰিলে ভোট বিভাজনত গেৰুৱা দলৰ আসন হ্ৰাস পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ 

Your Comments