বিজেপিৰ অপমানসূচক মন্তব্যৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

বিজেপিৰ অপমানসূচক মন্তব্যৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

কালি মুখ্য মন্ত্ৰীয়ে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলক তুচ্ছ-তাচ্ছিল্য কৰাৰ প্ৰতিবাদ জনাই আজি ৰাজ্যজুৰি কংগ্ৰেছ দলে বিজেপি দলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

বিজেপিৰ অপমানসূচক মন্তব্যৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

সেই প্ৰতিবাদৰ অংশ হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা শৰৎ বৰকটকী, ৰকিবুল হুছেইন, অকণ বৰা, আব্দুল খালেক, ৰঞ্জন বৰা প্ৰমুখ্যে যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী আৰু ভালেসংখ্যক নেতা-কর্মীয়ে অংশগ্ৰহণ কৰে ।

বিজেপিৰ অপমানসূচক মন্তব্যৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল গ'-বেক, বিজেপি হায় হায়, ৰাহুল গান্ধী জিন্দাবাদ ধ্বনি দি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপি সভাপতি ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰে ।

বিজেপিৰ অপমানসূচক মন্তব্যৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

ইয়াৰ উপৰি বিজেপি সভাপতি ৰঞ্জিত দাসে ৰাহুল গান্ধীক দুদিন পূৰ্বে ''ননচেন্স'' বুলি কোৱা মন্তব্যৰো প্ৰতিবাদ জনায় ৷ উল্লেখ্য যে মুখ্য মন্ত্ৰীয়ে দিল্লীত গৈ "ৰাহুল গান্ধীৰ প্ৰধান মন্ত্ৰী মন্ত্ৰী হোৱাৰ যোগ্যতা নাই । কংগ্ৰেছ দল বেইমান দল" বুলি গুৰুতৰ মন্তব্য কৰিছিল ।

Your Comments