তৃতীয় বাৰলৈ মিজোৰামৰ মুখ্যমন্ত্ৰী পদত জোৰাম থাংগা

s

মিজোৰামৰ মুখ্যমন্ত্ৰীৰূপে অহা শনিবাৰে শপত গ্ৰহণ কৰিব মিজো নেচনেল ফ্ৰণ্ট, চমুকৈ এম এন এফৰ মুৰব্বী জোৰাম থাংগাই৷ মিজোৰামৰ মুখ্য মন্ত্ৰী হিচাপে এয়া হ'ব থাংগাৰ তৃতীয়টো কাৰ্যকাল৷ একালৰ বিদ্ৰোহী নেতাৰ পৰা সক্ৰিয় ৰাজনীতিক হৈ পৰা থাংগাই ১৯৯৮ চনৰ পৰা ২০০৮ চনৰ ভিতৰত দুটাকৈ কাৰ্যকাল মিজোৰামৰ মুখ্য মন্ত্ৰী পদত অধিষ্ঠিত হৈছিল৷

ৰাজ্যখনৰ সদ্যসমাপ্ত নিৰ্বাচনত এম এন এফে মুঠ ৪০খন আসনৰে ২৬খনেই দখল কৰে৷ শাসনাধিষ্ঠিত কংগ্ৰেছে লাভ কৰে মাত্ৰ ৫খন৷ অথচ ২০১৩ বৰ্ষৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৩৪খন আসনত জয় লাভ কৰি ক্ষমতা দখল কৰিছিল৷ মিজোৰামত পৰাজয়ৰ পিছতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে শাসনৰপৰা উৎখাত হ'ল কংগ্ৰেছ৷ কাৰণ, মিজোৰামেই আছিল উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ কংগ্ৰেছশাসিত ৰাজ্য৷

Your Comments