ছত্তীশগড়ত কংগ্ৰেছ, তেলেংগানাত টি আৰ এছ আৰু মিজোৰামত এম এন এফ চৰকাৰ গঠনৰ দিশে

ছত্তীশগড়ত কংগ্ৰেছ, তেলেংগানাত টি আৰ এছ আৰু মিজোৰামত এম এন এফ চৰকাৰ গঠনৰ দিশে

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ২খন ৰাজ্যক বাদ দি বাকী তিনিখনৰ ফলাফল প্ৰায় স্পষ্ট হৈ পৰিছে ৷ ইয়াৰে ছত্তীশগড়ত একক সংখ্যাগৰিষ্ঠ দল হিচাপে কংগ্ৰেছে চৰকাৰ গঠনৰ বাবে ৰাইজৰ পৰা অনুমতি লাভ কৰিছে ৷

ৰাজ্যখনৰ মুঠ ৯০খন বিধানসভা আসনৰ আটাইকেইখনৰ শেহতীয়া ফলাফল অনুসৰি কংগ্ৰেছে ৫৯খন, বিজেপিয়ে ২২খন আৰু অন্যান্যই ৯খন আসন লাভ কৰিছে ৷

একক সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় ৪৬সংখ্যক মেজিক নম্বৰ কংগ্ৰেছে ইতিমধ্যে পাৰ কৰিছে ৷ আনহাতে, তেলেংগানাৰ মুঠ ১১৯খন বিধানসভা আসনৰ ভিতৰত একক সংখ্যাগৰিষ্ঠতাৰ মেজিক নম্বৰ ৬০ অতিক্ৰম কৰি টি আৰ এছে ৮৭খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ১৯খন আসনেৰে দ্বিতীয় স্থানত আছে ৷

এতিয়া তেলেংগানাত টি আৰ এছে চৰকাৰ গঠনৰ বাবে জল্পনা-কল্পনা আৰম্ভ কৰা দেখা গৈছে ৷ আনহাতে, ৪০খন বিধানসভাৰ আসন থকা মিজোৰামত এম এন এফ দলে ২৭খন আসনেৰে একক সংখ্যাগৰিষ্ঠ দল হিচাপে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে ৷

উল্লেখ্য যে মিজোৰাম বিধানসভাত একক সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় আসনৰ সংখ্যা হ'ল ২১খন ৷ মিজোৰামত কংগ্ৰেছে ৬খন আসনেৰে দ্বিতীয় স্থান লাভ কৰিছে ৷

আনহাতে, ৰাজস্থান আৰু মধ্যপ্ৰদেশত বিজেপি আৰু কংগ্ৰেছৰ মাজত টুমুল প্ৰতিদ্বন্দ্বিতা চলি আছে ৷ প্ৰায় ওচৰা-ওচৰিকৈ চলি থকা দুয়োটা দলৰ আসনৰ সংখ্যাই ৰাজ্য দুখনত চৰকাৰ গঠনৰ ক্ষেত্ৰত জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে৷

Your Comments