আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰি নৰেন্দ্ৰ মোডী চৰকাৰক শাসনৰ পৰা আঁতৰাবলৈ কংগ্ৰেছসহ বিৰোধী দলসমূহ ব্যাপক ৰণকৌশল প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে ৷
২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ উদ্দেশ্যে বিৰোধী শক্তি একত্ৰিত হৈ ৰণকৌশল ৰচনাৰ উদ্দেশ্যে আজি নতুন দিল্লীত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে ৷
ধাৰণা কৰামতে, আজিৰ এই বৈঠকৰ পৰাই বিৰোধী দলসমূহে মহা জোঁটবন্ধনৰ প্ৰস্তুতি আৰম্ভ কৰিব ৷ আনহাতে, মধ্য প্ৰদেশ, চত্তীশগড়, তেলেংগানা আৰু মিজোৰামত অলপতে অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ এদিন পূৰ্বে বিজেপিবিৰোধী দলসমূহ এনেদৰে একেলগে মিলিত হোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে আৰু ৰাজনৈতিক মহলত চৰ্চিত হৈছে ৷
আজিৰ এই বৈঠকত উপস্থিত থকাসকলৰ ভিতৰত তেলেগু দেশম পাৰ্টীৰ প্ৰমুখ তথা অন্ধ্ৰপ্ৰদেশৰ মুখ্য মন্ত্ৰী চন্দ্ৰবাবু নাইডু, পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী, কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী, ছোনিয়া গান্ধী, দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল, বহুজন সমাজ পাৰ্টীৰ মায়াৱতী, অখিলেশ যাদৱ, সীতাৰাম য়েছুৰী অন্যতম ৷
- Log in to post comments
- 119 views