নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
পঞ্চায়ত নিৰ্বাচনলৈ মাজত কেইটামান দিন । সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কাকমাৰী পঞ্চায়তত অগপৰ ব্যাপক তৎপৰতা বৃদ্ধি পাইছে । অগপ দলটোৰ পৰা আঞ্চলিক পঞ্চায়ত সদস্য হিচাপে প্ৰক্ষেপিত হৈছে অগপ দলৰ হাতীচোং মৌজাৰ প্ৰতিষ্ঠাকালৰ সভাপতি পূৰ্ণকান্ত নাথৰ পুত্ৰ বিপ্লৱ কুমাৰ নাথ ।
যুৱনেতা বিপ্লৱ কুমাৰ নাথ ৰাজনৈতিক পথাৰত যদিও চিনাকি মুখ নহয় তথাপি যুৱ সমাজৰ বাবে তেওঁৰ জনপ্ৰিয়তা নুই কৰিব নোৱাৰি । সম্প্ৰতি নিজৰ স্থিতি সবল কৰাৰ উদ্দেশ্যে পঞ্চায়তটোৰ প্ৰতিটো স্থানত প্ৰচাৰ অব্যাহত ৰাখিছে অগপ দলে ।
ইপিনে বিপ্লৱ কুমাৰ নাথৰ বিপৰীতে বিজেপি দলৰ পৰা পংকজ পাটৰ আৰু কংগ্ৰেছৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থী ৰাজু বৰা ৰাজনৈতিক পথাৰত অতিকৈ চিনাকি মুখ যদিও বিপ্লৱ কুমাৰ নাথৰ প্ৰতি যুৱশক্তিৰ ব্যাপক সমৰ্থন আৰু জনপ্ৰিয়তাই বিজেপি আৰু কংগ্ৰেছ শিবিৰৰ ৰাজনৈতিক সমীকৰণত যে আউল লগাব পাৰে তাক নুই কৰিব নোৱাৰি ।
উল্লেখ্য যে কাকমাৰী পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী ৰবীন মেধী, ১নং ৱাৰ্ড সদস্যা নৰ্মদা মেধী, ২নং ৱাৰ্ড সদস্যা প্ৰণীতা বৰদলৈ ভূঞা, ৩নং ৱাৰ্ড সদস্যা মধুস্মিতা বৰদলৈ, ৪নং ৱাৰ্ড সদস্যা মীনা হীৰা, ৫নং ৱাৰ্ড সদস্য ধনীৰাম দেউৰাজা, ৬নং সদস্যা ববী বৰদলৈ, ৭নং সদস্য ৰাজেশ বৰদলৈ, ৮নং সদস্য জগত বণিয়া, ৯নং সদস্য গুণীন বৰদলৈ, ১০নং সদস্যা ৰিঞ্জু দেৱীয়ে অগপ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।
এই নিৰ্বাচনী যুঁজত কাকমাৰী গাঁও পঞ্চায়তত কোনে শেষ হাঁহি মাৰিব সেয়া সময়তহে পৰিলক্ষিত হ'ব ।
- Log in to post comments
- 19 views