বৰপেটাৰোডৰ পৰা ৰনজিৎ তালুকদাৰ
আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ জিলা পৰিষদ সদস্য পদৰ পৰা আৰম্ভ কৰি ৱাৰ্ড পৰ্যায়ৰ সদস্য পদলৈ বৃহৎ ধনৰ লেনদেন কৰা, জিলাখনৰ ভিন্ন প্ৰান্তত একে ঠাইতে কেইবাজনকো টিকট প্ৰদান কৰাৰ অভিযোগ উঠাৰ সময়তে আৰু তাৰেই প্ৰতিচ্ছবি পোহৰলৈ অহাক কেন্দ্ৰ কৰি প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদ, জিলা সভাপতি শান্তনু শৰ্মা আৰু আমছুৰ প্ৰাক্তন সভাপতি আব্দুৰ ৰহিম আহমেদক জগৰীয়া কৰি পঞ্চায়ত নিৰ্বাচনত বুজন পৰিমাণৰ মূল্যৰ বিনিময়ত টিকট বেচা-কিনা, দালালৰাজ স্বেচ্ছাচাৰিতাৰ প্ৰতিবাদত ৰাজীৱ ভৱনত অনিৰ্দিষ্ট কাললৈ তলা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি বৰপেটা জিলাৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে জানিবলৈ দিয়ে ।
লগতে শান্তনু শৰ্মাক তৎকালীনভাৱে সভাপতি পদৰ পৰা নিলম্বন কৰিবলৈয়ো অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰালৈ এই কাৰ্যসূচীৰ জৰিয়তে দাবী জনায় । নিৰ্বাচনৰ প্ৰাক্-মুহূৰ্তত এনেকুৱা অন্ত:কন্দল হোৱাত বৰপেটাত নিৰ্বাচনৰ বতাহ কোনফালে বলে তাৰেই অপেক্ষাত ৰাইজ ।
- Log in to post comments
- 90 views