কলিয়াবৰত গোহালিৰ গৰু বিক্ৰী কৰি ধন দিয়াৰ পাছতো হিতাধিকাৰীয়ে নাপালে চৰকাৰী ঘৰ

কলিয়াবৰত গোহালিৰ গৰু বিক্ৰী কৰি ধন দিয়াৰ পাছতো হিতাধিকাৰীয়ে নাপালে চৰকাৰী ঘৰ

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এতিয়া পোহৰলৈ আহিছে একাংশ পঞ্চায়ত প্ৰতিনিধিৰ কু-কীৰ্তি । গোহালিৰ দামুৰি বিক্ৰী কৰি ধন দিয়াৰ পাছতো হিতাধিকাৰীয়ে নাপালে চৰকাৰী ঘৰ ।

কলিয়াবৰত গোহালিৰ গৰু বিক্ৰী কৰি ধন দিয়াৰ পাছতো হিতাধিকাৰীয়ে নাপালে চৰকাৰী ঘৰ

স্বয়ং মন্ত্ৰী কেশৱ মহন্তৰ গৃহ পঞ্চায়তত পোহৰলৈ আহিছে এই  তথ্য । কলিয়াবৰ মহকুমাৰ পূব পূবথৰীয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মমী বৰুৱাই তেওঁৰ কাৰ্যকালত বহুকেইগৰাকী দৰিদ্ৰ লোকক চৰকাৰী আৱাস গৃহ দিয়াৰ নামত ২ হাজাৰৰ পৰা ৫ হাজাৰ টকা হিতাধিকাৰীৰৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে বিষয়টোৱে সৰ্বত্ৰে চৰ্চা লাভ কৰাত এতিয়া শংকিত হৈ পৰিছে অগপ শিবিৰ ।

অঞ্চল বিশেষে অগপ দলৰ প্ৰাৰ্থীয়ে এইবাৰ ভোট বিচাৰি গ'লে ৰাইজৰ ৰোষত পৰিব বুলিও সকীয়াই দিয়ে ক্ষোভিত লোকসকলে ।  অগপ দলৰ সমৰ্থিত প্ৰাক্তন সভাপতি মমী বৰুৱাই পঞ্চায়তটোৰ অন্তৰ্গত  লীলা মহন্ত, খগেন ভড়ালী, নিলমণি খাউণ্ড, অজিত গোঁহাইকে ধৰি ভালেকেইগৰাকী লোকৰ পৰা ঘৰ দিয়াৰ নামত আদায় লৈছিল নগদ ধন । কিন্তু আজি পৰ্যন্ত এওঁলোকে লাভ নকৰিলে চৰকাৰী ঘৰ । 

কলিয়াবৰত গোহালিৰ গৰু বিক্ৰী কৰি ধন দিয়াৰ পাছতো হিতাধিকাৰীয়ে নাপালে চৰকাৰী ঘৰ

ছবিত দেখা ঘৰটো প্ৰত্যক্ষ কৰিলেই অনুমান কৰিব পাৰিব পঞ্চায়তটোত ঘৰ দিয়াৰ নামত সংঘটিত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ সত্যতা । দাবী কৰা ১০ হাজাৰ টকাৰ ২ হাজাৰ টকা উৎকোচ দিয়াৰ পাছতো এওঁ নাপালে এটা চৰকাৰী ঘৰ ।

পঞ্চায়তৰ বিভিন্ন আঁচনিৰ ধন হৰলুকি কৰি নিজৰ উন্নয়ন কৰা প্ৰাক্তন সভাপতি মমী বৰুৱাৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ পৰিছে এইসকল বঞ্চিত হিতাধিকাৰী । ইয়াকে লৈ এতিয়া কঁপনি উঠিছে  কলিয়াবৰ জিলা অগপ শিবিৰত ।

Your Comments