জাতিৰ প্ৰমাণ-পত্ৰ জালিয়াতি : বঙাইগাঁৱত অগপ প্ৰাৰ্থীৰ মনোনয়ন নাকচ

জাতিৰ প্ৰমাণ-পত্ৰ জালিয়াতি : বঙাইগাঁৱত অগপ প্ৰাৰ্থীৰ মনোনয়ন নাকচ

বঙাইগাঁও জিলাৰ মাণিকপুৰ মহকুমাৰ ৭ নম্বৰ গৰাইমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নম্বৰ ৱাৰ্ডৰ ২ নম্বৰ জামদহা গাঁৱত বিজেপিৰ প্ৰাৰ্থী যতন ৰাজবংশী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৷

ৱাৰ্ডটো অনুসূচিত জাতিৰ লোকৰ বাবে সংৰক্ষিত ৷ এই ৱাৰ্ডত অগপ দলে সবিতা ৰায় নামৰ এগৰাকী প্ৰাৰ্থীক প্ৰক্ষেপ কৰে যদিও অ'বিচিৰ প্ৰাৰ্থীগৰাকীয়ে মাণিকপুৰৰ নিৰ্বাচনী বিষয়াৰ ওচৰত ভুৱা অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ দাখিল কৰিছিল ৷

এই সন্দৰ্ভত বিজেপি দলৰ প্ৰাৰ্থী যতন ৰাজবংশীয়ে সবিতা ৰায়ে দাখিল কৰা অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ ভুৱা বুলি অভিযোগ দাখিল কৰিছিল ৷ এই অভিযোগৰ তদন্ত কৰি প্ৰমাণিত হোৱাত নিৰ্বাচনী বিষয়াই সবিতা ৰায়ৰ মনোনয়ন-পত্ৰ নাকচ কৰি যতন ৰাজবংশীক নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে ৷ 

Your Comments