গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
নিৰ্বাচনী বিধি উলংঘন কৰি গোলাঘাট বিধানসভা সমষ্টিৰ আঠগাঁৱত বিতৰণ কৰিবলৈ অনা ৩৩টাকৈ কেন্দ্ৰীয় চৰকাৰৰ উজালা আঁচনিৰ ৰন্ধন গেছ উদ্ধাৰ হয় ।
জানিব পৰা মতে, জিলা প্ৰশাসনে নিৰ্বাচন শেষ নোহোৱালৈকে চৰকাৰী আঁচনিৰ ৰন্ধন গেছ চিলিণ্ডাৰসমূহ এৰি নিদিবলৈ নিৰ্দেশ জাৰি কৰিছিল যদিও সেই নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই গাঁওখনৰ বিজেপি কৰ্মী বীৰেন গগৈ নামৰ লোকজনৰ ঘৰত উদ্ধাৰ কৰে ৩৩টাকৈ চৰকাৰী গেছ চিলিণ্ডাৰ । যোগান বিভাগৰ মতে, কোনো কাৰণতে দুটাতকৈ অধিক গেছ চিলিণ্ডাৰ ঘৰত মজুত ৰাখিব নোৱাৰাৰ পিছতো কিহৰ ভিত্তিত লোকজনে ৩৩টাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ ঘৰত মজুত ৰাখিছিল !
নিৰ্বাচনৰ প্ৰাক্-মুহূৰ্তত এনেকৈ উদ্ধাৰ হোৱা চৰকাৰী গেছ চিলিণ্ডাৰৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে । ইফালে গোলাঘাট জিলা কংগ্ৰেছে প্ৰশাসনক লিখিত অভিযোগ দাখিল কৰাৰ লগতে লাচিত গগৈ নামৰ ব্যক্তিজনেও গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । ইতিমধ্যে গোলাঘাট জিলা উপায়ুক্তই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে ।
- Log in to post comments
- 3 views