মাজুলীত বিজেপি-গণশক্তিৰ মিত্ৰতাত কেণা : উভয় দলৰ প্ৰাৰ্থীৰ মাজত চলিব তীব্ৰ প্ৰতিদ্বন্দ্বিতা

মাজুলীত বিজেপি-গণশক্তিৰ মিত্ৰতাত কেণা : উভয় দলৰ প্ৰাৰ্থীৰ মাজত চলিব তীব্ৰ প্ৰতিদ্বন্দ্বিতা

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ'বলগা অসমৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মাজুলীৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে । আসন্ন পঞ্চায়ত নিৰ্বাচনত আসন বুজাবুজিৰে শাসকীয় বিজেপি আৰু গণশক্তিৰ মাজত নিৰ্বাচনী মিত্ৰতা কৰিছে যদিও দুয়ো দলৰ নেতা-কৰ্মীয়ে এতিয়া উভয় দলৰ  মাজত মাজতে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত নামিছে ।

ফলত আসন্ন পঞ্চায়ত নিৰ্বাচনত দুয়ো দলৰ শীৰ্ষ নেতা-কৰ্মীৰ মাজত উদ্বেগ বৃদ্ধি পাইছে । প্ৰাপ্য তথ্যমতে, উজনি মাজুলীৰ ৰতনপুৰ মিৰি গাঁও পঞ্চায়তত সভাপতি পদৰ আসন বিজেপি দলে গণশক্তিক এৰি দিছে যদিও বিজেপিৰ বিয়াগোম নেতাৰ পত্নী বিনিতা পেগুৱে সভাপতি পদত নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছে ।

পঞ্চায়তটোৰ বিজেপি দলৰ কৰ্মীয়ে নিৰ্দলীয় সদস্য পদৰ প্ৰাৰ্থী হিচাপে ১নং ৱাৰ্ডত পাহি পাতিৰ, ৪নং ৱাৰ্ডত জগদীশ মিলি, ৭নং ৱাৰ্ডত ৰঞ্জিত দলে, ৯নং ৱাৰ্ডত অনুৰাধা পেগু কুলি আৰু গণশক্তিৰ কৰ্মীয়ে নিৰ্দলীয় হিচাপে ২নং ৱাৰ্ডত সঞ্জীৱ পেগু আৰু ৩ নং ৱাৰ্ডত দীপাৰাণী দলে পাতিৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

চেৰপাই গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসন বিজেপি দলে গণশক্তিক এৰি দিছে যদিও বিজেপিৰ নেতা ৰমেন কুটুমে সভাপতি পদত  নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ঠিক একেদৰে জেংৰাই গাঁও পঞ্চায়তৰ সভাপতি আসন গণশক্তিক এৰি দিয়া হৈছে যদিও বিজেপি নেত্ৰী দেৱেশ্বৰী দলে পেগুৱে সভাপতি পদত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছে ।

তদুপৰি, ৬নং ৱাৰ্ডত সদস্য পদৰ বাবে নৱদ্বীপা দলে, ৭নং ৱাৰ্ডত অনুজ পেগু, ৮নং ৱাৰ্ডত ৰিংকু দলে আৰু গণশক্তিৰ কৰ্মীয়ে নিৰ্দলীয় সদস্য পদৰ প্ৰাৰ্থী হিচাপে ৩নং ৱাৰ্ডত সুৰজিৎ পেগুৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত পকাজৰা গাঁও পঞ্চায়তৰ ৯নং ম'হখুঁটি ৱাৰ্ডৰ সদস্য পদত বিজেপিৰ হৈ জোনাক দলে পায়েং আৰু গণশক্তিৰ ৰীতামণি পায়েঙৰ মাজত দুই মিত্ৰ দলৰ মাজত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

এই ঘটনাই দুয়ো মিত্ৰ দলৰ মাজত ব্যৱধান বঢ়াই দিয়াত আসন্ন পঞ্চায়ত নিৰ্বাচনত বিৰোধী কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ স্থিতি সুবিধাজনক হৈছে । বিজেপি দলৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দলীয় কৰ্মীৰ ওপৰত দলটোৱে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে মিত্ৰতা ভংগ হ'ব পাৰে বুলি হুংকাৰ দিছে গণশক্তিৰ নেতা নীলকান্ত দলেয়ে । 

বিভিন্ন স্হানত নিৰ্বাচনী কাৰ্যালয় মুকলি

দুয়ো মিত্ৰ দল বিজেপি-গণশক্তিৰ জেংৰাই পঞ্চায়ত সমিতিৰ আজি জেংৰাইমুখত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় । দলীয় পতাকা উত্তোলন কৰাৰ পিছত ফিটা কাটি আনুষ্ঠানিকভাৱে কাৰ্যালয় মুকলি কৰে বিজেপি উজনি মণ্ডলৰ সভাপতি দীন পেগুৱে । কাৰ্যালয় মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি এক নিৰ্বাচনী সভা অনুষ্ঠিত হয় ।

গণশক্তিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমন্বয়ক প্ৰেমধৰ দলেয়ে আঁতধৰা সভাত বিজেপি নেতা শিশুধৰ দলে, মঞ্জু পেগু ৰয়, জ্যোৎস্না দলে, ৰাজা পেগু, ৰমেন পেগু, গণশক্তিৰ নেতা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নীলকান্ত দলে, উজনি মাজুলী জিলা পৰিষদ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱজিৎ পাতিৰ, জেংৰাই গাঁও পঞ্চায়তৰ সভানেত্ৰী পদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰিংকু পেগু, ৰাজীৱ পেগু, হৰিপ্ৰসাদ পেগু, দেৱকুমাৰ দলে আদিকে ধৰি বিভিন্ন নেতা-কৰ্মী উপস্থিত থাকি আসন্ন পঞ্চায়ত নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক জয়ী কৰোৱাৰ বাবে আপ্ৰাণ চেষ্টাৰে কাম কৰিবলৈ আহ্বান জনায় ।

ইপিনে এই অনুষ্ঠানত বিজেপি নেত্ৰী দেৱেশ্বৰী দলে পেগু, দেৱৰাম পেগু, গংগাপ্ৰসাদ পেগু, মনোজ (মালভোগ) দলে, ৰঞ্জন কুম্বাং, সুৰজিৎ পেগু, নবীন দলেকে ধৰি একাংশ নেতা-কৰ্মী লক্ষণীয়ভাৱে উপস্থিত নোহোৱা পৰিলক্ষিত হ'ল ।   অসম গণ পৰিষদৰ জেংৰাই পঞ্চায়ত সমিতিৰ আজি জেংৰাইমুখত দলীয় নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলেয়ে । পকাজৰা গাঁও পঞ্চায়ত সমিতি বিজেপি-গণশক্তি মিত্ৰজোঁট দলৰ নিৰ্বাচনী কাৰ্যালয় আজি পকাজৰা চাৰিআলিত মুকলি কৰা হয় । বিজেপি দলৰ হৈ জিলা সভাপতি দীপক গোস্বামী আৰু গণশক্তিৰ হৈ ৰঞ্জিত গামে পতাকা উত্তোলন কৰাৰ পিছত ফিটা কাটি আনুষ্ঠানিকভাৱে কাৰ্যালয় মুকলি কৰে বিজেপি মাজুলী জিলা সমিতিৰ সভাপতি দীপক গোস্বামীয়ে ।
 

Your Comments