কংগ্ৰেছৰ প্ৰতিজন কর্মী ক্ষোভত আছে- ৱাজেদ আলি চৌধুৰী

A

নিউজ ডেস্ক:

"গাড্ডাৰ প্ৰমাণ কৰাটো সম্ভৱ নহয়।ৰাষ্ট্ৰপতি নিৰ্বাচনত গাড্ডাৰী কৰাসকলক  প্ৰমাণ কৰাতো সহজ নহয়"- এই মন্তব্য কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলি চৌধুৰীৰ।ৰাণা গোস্বামীয়ে নহয়ে কংগ্ৰেছৰ প্ৰতিজন কর্মী ক্ষোভত আছে।গাড্ডাৰ যিসকলে কৰিছে তেওঁলোক অনুতপ্ত হৈছে।

আনহাতে কংগ্ৰেছে আৰু AIUDFৰে কেতিয়াও মিত্ৰতা নকৰে বুলি মন্তব্য বিধায়ক ৱাজেদ আলি চৌধুৰীৰ।এটা নিৰ্বাচনত মিত্ৰতা কৰি আমি আশা কৰিলো কিবা আৰু হ’লগৈ কিবা বুলি কয়  বিধায়ক গৰাকীয়ে।

আজমল ট্ৰাম্প কাৰ্ড, তাক লৈ হিমন্ত বিশ্ব শৰ্মাই খেলি আছে।ভৱিষ্যতে এই খেলাৰ সুযোগ আৰু দিয়া নহব- বিধায়ক গৰাকীয়ে কয়।

ইফালে সাংসদ আব্দুল খালেকে কোৱা অখণ্ডিত ভাৰত প্ৰসংগত মন্তব্য কৰি কয়- এইয়া জানো সম্ভৱ।এইবোৰ অর্থহীন কথা।ধুবুৰীত আমজলৰ বিৰুদ্ধে লোকসভাত নিৰ্বাচন খেলিবলৈ মই সাজু।সাহস আছে মোৰ তেওঁৰ বিৰুদ্ধে অৱতীৰ্ণ হ'বলৈ।এইবাৰ তেওঁ পৰাস্ত হ'ব যে সেইয়া খাটাং- চৌধুৰীয়ে কয়।

Your Comments