আন্দোলন কৰি নেতা-মন্ত্ৰী হোৱাৰ দিন এতিয়া নাই- জয়ন্ত মল্ল বৰুৱা

A

নিউজ ডেস্ক:
সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদক কটাক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।"অসমত কিবা আন্দোলনৰ পৰিবেশ থকা বুলি মই নাভাবো।যি দৰে অসমবাসীয়ে স্বাধীনতা দিৱস পালন কৰিলে তাৰ পৰা দেখা যায় এতিয়া আন্দোলন কৰি নেতা-মন্ত্ৰী হোৱাৰ সপোন লৈ লাভ নাই"- বৰুৱাই কয়।
কা' আন্দোলন কেৱল সংবাদ মাধ্যমত চলি আছে বুলি উল্লেখ কৰি বৰুৱাই কয়- "টিভিত দেখুৱাব বন্ধ কৰিলে আন্দোলন বন্ধ হ’ব।৫ হাজাৰ মানুহ আনি আন্দোলন কৰা আজি তাৰিখত কাৰো সামৰ্থ নাই"- বৰুৱাই কয়।

উল্লেখ্য যে বুধবাৰে আছুৱে ৰূপায়ন কৰিছিল কা' বিৰোধী আন্দোলন।শ্বহীদ ন্যাসত আছু প্ৰতিবাদীক আবদ্ধ কৰি ৰাখে আৰক্ষীয়ে।

Your Comments