AIUDF নথকা হলে মই ২১ৰ নিৰ্বাচনত জয়ী নহলোহেঁতেন- কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাস

A

নিউজ ডেস্ক:

'AIUDFৰ বাবেহে ২১ৰ নিৰ্বাচনত জয়ী হৈছোঁ।AIUDFৰ লগত মিত্ৰতা নহলে মই জয়ী হ'ব নোৱাৰিলো হেঁতেন'- এই মন্তৱ্য কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসৰ।AIUDFৰে মিত্ৰতা ভংগক লৈ অসন্তুষ্ট নিলম্বিত কংগ্ৰেছ বিধায়ক শশীকান্ত।AIUDF নথকা হলে বিধায়ক নহলো হেঁতেন।২০১৬চনত AIUDFৰ লগত মিত্ৰতা নথকা বাবে মই পৰাজিত হৈছিলো।ভূপেন বৰাই AIUDFৰে মিত্ৰতা ভংগ কৰোঁতে আমাৰো মতামত ল'ব লাগিছিল কিন্তু নললে- আক্ষেপ প্ৰকাশ কৰি দাসে কয়।

আনহাতে পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰক প্ৰশংসা কৰি নিলম্বিত কংগ্ৰেছ বিধায়ক দাসে কয় যে -দল বিৰোধী কাৰ্যকলাপত থকা বাবে কংগ্ৰেছে দলে মোক বিধায়ক পদ খাৰিজ কৰা বাবে আবেদন কৰিছে।মই বিজেপিৰ ফ্লেগ হাতত লৈছোঁ নে বিজেপিৰ পোষ্টাৰ লৈছোঁ।যিটো সঁচা কথা সেইটোহে কৈছোঁ।বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উন্নয়ন মুখী চিন্তা চর্চাক হে সমৰ্থন জনাইছোঁ।মই বৰ্তমানলৈ কংগ্ৰেছতেই আছোঁ । কংগ্ৰেছে যি নিৰ্দেশ দিছে কৰিছোঁ।আজিলৈকে তাকে মানি আহিছোঁ।মই বিজেপিত যোগদান কৰা নাই।

Your Comments