দেশত বিজেপিক এঘৰীয়া কৰিব পৰা সুযোগ আছে, কংগ্ৰেছৰ ঘৰত বিজেপিয়ে সিন্ধি দিছে- হাফিজ ৰফিকুল ইছলাম

A

নিউজ ডেস্ক:
"আনৰ ঘৰ ভাঙিলে নিজৰ ঘৰো ভাঙে, বিহাৰৰ পৰা বিজেপিয়ে শিক্ষা লওঁক।দেশত বিজেপিক এঘৰীয়া কৰিব পৰা পৰিৱেশ আছে"- মন্তব্য এআইইউডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ।
বিহাৰৰ ৰাজনীতিৰ প্ৰভাৱ অসমতো পৰিব।গণতন্ত্ৰৰ বাবে ভাবুকি হৈ পৰিছে বিজেপি।মহাৰাষ্ট্ৰত ধন বল বাহুবলৰ উপৰিও ইডিক ব্যৱহাৰ কৰি সফল হৈছিল।কিন্তু বিহাৰত আউট হ'ল বিজেপি।ভাৰতৰ ৰাজনীতিৰ  পৰিৱৰ্তন বিহাৰৰ পৰা আৰম্ভনি হৈছে বুলি ক’ব পাৰি- বিধায়ক ইছলামে কয়।

অসমতো বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্যবদ্ধ হ’ব লাগে বুলি উল্লেখ কৰি ইছলামে কয়-বিহাৰৰ পৰা শিক্ষা লব লাগে।একতা থাকিলে সকলো সম্ভৱ।একতা থাকিলে বিজেপিৰ বিৰুদ্ধে যুঁজিব পাৰি।কংগ্রেছ দলে জমিদাৰ মনোভাৱ ত্যাগ কৰিব লাগে।আমি এতিয়া কাকো তেল মৰাত নাই আমি অকলে যুঁজিছো আৰু যুঁজিম।
"কংগ্ৰেছৰ নাও ডুবু ডুবু।কংগ্ৰেছৰ ঘৰত বিজেপিয়ে সিন্ধি লগাইছে।ভাল নহয় দিন-কাল, কংগ্ৰেছে কিদৰে ৰক্ষা কৰে নাজানোঁ"- ইছলামে কয়।

Your Comments