অশোক ধনুকাৰ কাৰ্যালয়টোৱে অসমৰ সকলো দুৰ্নীতিৰ অভিকেন্দ্ৰ : লুৰীণ

A

নিউজ ডেস্ক:

 'অশোক কম্প্লেক্স ,জি এছ ৰোড, আঠগাঁও, গুৱাহাটী এই ঠিকনাটো এতিয়া অসমৰ প্ৰায় সকলো দুৰ্নীতিৰ অভিকেন্দ্ৰ হৈ পৰিছে- কালি এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ঝাৰখণ্ডৰ শাসনাধিষ্ঠ  কংগ্ৰেছ চৰকাৰখন ওফৰাই বিজেপিৰ চৰকাৰ গঠনৰ উদ্দেশ্যে বিধায়ক কিনা-বেচাৰ ঘটনাৰ তদন্ত কৰিবলৈ সম্প্ৰতি পশ্চিম বংগ আৰক্ষীৰ এটা দল অসমলৈ আহি গুৱাহাটীত বাহৰ পাতি অশোক ধনুকা নামৰ এগৰাকী ব্যৱসায়ীক জেৰা কৰিব বিচৰাত অসম আৰক্ষীয়ে অনুমতি নিদিয়া প্ৰসংগত আজি জাতীয় পৰিষদৰ নেতা গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আমোলত ৰাজ্যত সংঘটিত হোৱা প্ৰায় আটাইকেইটা বৃহৎ কেলেংকাৰীৰ সৈতে এইগৰাকী ব্যৱসায়ী আৰু উল্লিখিত ঠিকনাত থকা তেওঁৰ কাৰ্যালয়টোৰ নাম সাঙোৰ খাই পৰাটো তাৎপৰ্যপূৰ্ণ।তেওঁ কয় যে ভূমি কেলেংকাৰী, অবৈধ ধনৰ লেনদেন আৰু সৰবৰাহ , আৰ বি এছ ৰিয়েল্টৰ্চ প্ৰাঃ লিঃৰ নাম সলনি কৰি বশিষ্ঠ  ৰিয়েলটৰ্চ প্ৰাঃ লিঃ কৰা, জি আৰ ডি ফাৰ্মাচিউটিকেলছৰ নামত চেনিটাইজাৰ কেলেংকাৰী সংঘটিত কৰা, চীনৰ পি পি ই কীট কেলেংকাৰী বিতৰ্ক - এই সকলোতে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ এই ঠিকাদাৰগৰাকীৰ নাম সাঙোৰ খাই আছে৷ এনফোৰ্চমেন্ট ডাইৰেক্ট'ৰেট চমুকৈ ই ডি-য়ে দেশজুৰি বিভিন্নজনক যিহেতু জেৰা কৰিয়ে আছে, তদন্ত কৰিয়ে আছে, এই ঠিকনাত এতিয়া ই ডি-য়ে অভিযান চলাব লাগে আৰু তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈ অহা অভিযোগসমূহৰ তদন্ত কৰিব লাগে৷ঝাৰখণ্ডৰ বিধায়কৰ পৰা পশ্চিম বংগ আৰক্ষীয়ে বিধায়ক কিনাৰ বাবদ গুৱাহাটীৰ পৰা আগধন হিচাপে দিয়া নগদ ৫০ লাখ টকা ধৰা পেলোৱাৰ পিছতো ই ডি-য়ে ইয়াৰ তদন্ত নকৰাটো ৰহস্যজনক বুলি উল্লেখ কৰি গগৈয়ে কয় যে পশ্চিম বংগ আৰক্ষীক অসম আৰক্ষীয়ে তদন্তত সহযোগ নকৰাটো দুৰ্ভাগ্যজনক৷ অশোক ধানুকাক জেৰা কৰিবলৈ অসম আৰক্ষীয়ে পশ্চিম বংগ আৰক্ষীক অনুমতি নিদিয়াৰ আঁৰত কাৰ ইংগিত আছে, সেয়া স্পষ্ট কৰিবলৈয়ো গগৈয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক আহ্বান জনায়।লগতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কেলেংকাৰী ফাদিল হোৱা এই ৰক্ষণাবেক্ষণ দিয়া বুলিও তেওঁ কয়।

Your Comments