জেহাদীৰে আমাৰ কোনো সম্পৰ্ক নাই-হাফিজ ৰফিকুল ইছলাম

A

নিউজ ডেস্ক:

অসমৰ বহু প্ৰান্ত আজিৰ দিনটোতো বানৰ কবলত আছে।সঁচাকৈ বান সমস্যা অসমৰ বাবে এক বৃহৎ সমস্যা।অসমৰ বান সমস্যাৰ স্থায়ী সমাধান হ’ব হলে কেন্দ্ৰৰ সহায়ৰ প্ৰয়োজন।অসমৰ বিজেপিৰ সাংসদ দিলীপ শইকীয়াই সদনত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গুৰুত্ব আৰোপ কৰিবলৈ কোৱা কথাক আদৰণি জনাইছে ।অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ বান সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি পোৱাটো কিয় নিবিচাৰে সেইয়া ৰহস্যজনক- মন্তব্য AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ।অসমত ৬ বছৰৰ পৰা  বিজেপিৰ চৰকাৰে শাসন চলাই আছে। আজি যদি মুখ্যমন্ত্ৰীয়ে কয় অসমত আগৰে পৰা জেহাদী আছে তেন্তে অসম চৰকাৰৰ গৃহ বিভাগ ব্যৰ্থ, চোৰাংচোৱা ব্যৰ্থ  ৷অসমবাসীৰ ওচৰত এই কথাৰে ক্ষমা খুজিব লাগে বিজেপিৰ মন্ত্ৰী বিধায়কে- লগতে তেওঁ কয়।

উগ্ৰপন্থীৰে আমাৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰি ইছলামে কয়-জেহাদী জেহাদী বুলি অসমৰ সংখ্যালঘু লোকক যি দৰে টাৰ্গেট কৰিছে।আজি লৈকে অসমত মুছলমানৰ পৰা কোনো  ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই।অসমত যিমানেই হিংসাত্মক ঘটনা হৈছে এই সমূহৰ সৈতে জেহাদীৰ কোনো সম্পৰ্ক নাই। 
"বেমাৰ য’ত আছে তাত ট্ৰিটমেণ্ট কৰিব লাগে।বেমাৰ নহলে তাক খুচৰি খুচৰি ঘাঁ বনাই দিয়াটো উচিত নহয়"- জেহাদী প্ৰসংগত বিধায়ক গৰাকীয়ে কয়।
অসমৰ লৰা কিয় আলফালৈ গৈছে।অসম আৰক্ষীৰ কনিষ্টবলো আলফাত যোগদানৰ খবৰ ওলাইছে।কিন্তু এই সকলোবোৰ দেখিও মুখ্যমন্ত্ৰী নীৰৱ।এনেবোৰক লৈ মুখ্যমন্ত্ৰীয়ে সংবাদমেল দিব লাগে।

Your Comments