দিছপুৰৰ বিধায়ক আবাস পহিলা আগষ্টৰ ভিতৰত খালী কৰা নিৰ্দেশ

A

নিউজ ডেস্ক:

দিছপুৰৰ বিধায়ক আবাস খালী কৰাৰ প্ৰসংগত অসম বিধানসভাৰ দ্বিতীয়খন জাননী জাৰি।পহিলা আগষ্টৰ ভিতৰত পুৰণি আবাসত থকা বিধায়কে খালী কৰিব লাগিব আবাস।সোমবাৰ শেষসীমা বান্ধি দিলে অসম বিধানসভা অধ্যক্ষই।বিধায়ক আবাস নিৰ্দিষ্ট সময়ৰ ভিতৰত খালী নকৰিলে কৰ্তন হ'ব পানী আৰু বিদ্যুৎ যোগান।উল্লেখ্য যে পূৰ্বতে ২০জুলাইৰ ভিতৰত আবাস খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছিল।কিন্তু উপযুক্ত গৃহ বিচাৰি নোপোৱাৰ বাবে অধিকাংশ বিধায়কে খালী কৰা নাছিল আবাস।আনহাতে দ্বিতীয়খন জাননী জাৰি কৰা পিছতে ভুক্তভোগী বিধায়কৰ দাবী বিকল্প ব্যৱস্থা কৰক অন্যথা অনশন আৰু আন্দোলনৰ হুংকাৰ বিধায়কৰ।একাংশ বিধায়কে বিষয়টো পুনৰ বিবেচনা কৰাৰ বাবেও আহ্বান জনায়।

Your Comments