সংসদত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি শীতকালীন অধিৱেশনৰ পৰা নিলম্বন ১৯গৰাকী বিৰোধী সাংসদ

A

নিউজ ডেস্ক:
সংসদত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি শীতকালীন অধিবেশনৰ পৰা নিলম্বন হ'ল ১৯জন বিৰোধী দলৰ সাংসদ।সম্পূৰ্ণ এসপ্তাহৰ বাবে সংসদৰ পৰা নিলম্বন কৰা হৈছে বিৰোধী দলৰ সাংসদ কেইগৰাকীক।
উল্লেখ্য যে, সোমবাৰে লোকসভাৰ অধ্যক্ষই সংসদৰ পৰা নিলম্বন কৰিছিল কংগ্ৰেছৰ ৪সাংসদক।ইতিমধ্যে ৰাজ্য সভাৰ পৰা নিলম্বিত কৰা হৈছিল ৮জন সাংসদক।
নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, পেট্ৰ’ল-ডিজেলৰ বৰ্দ্ধিত মূল্যবৃদ্ধি আৰু পৰম্পৰাগত সামগ্ৰীৰ ওপৰত জাপি দিয়া GSTৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল বিৰোধী সাংসদ সকলে।উল্লেখযোগ্য যে ১৮জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিবেশন অন্ত পৰিব অহা ১২আগষ্টত।

Your Comments