গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছৰ সত্যাগ্ৰহ কাৰ্যসূচী

A

নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত অসম প্ৰদেশ কংগ্ৰেছৰ সত্যাগ্ৰহ কাৰ্যসূচী।কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধীক ইডি'ৰ জেৰা বিৰোধিতাৰে দিছপুৰত সাব্যস্ত কৰা  সত্যাগ্ৰহ কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ  সৈতে  শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে।
উল্লেখ্য যে বিজেপি চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ শাসন ব্ৰিটিছৰ লগত কোনো পাৰ্থক্য নাই।এই চৰকাৰৰ দমনমূলক নীতিয়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব  এদিন- এইদৰে কয় কংগ্ৰেছৰ নেতৃত্বই।
'চিবিআই, ইডিৰ দৰে স্বতন্ত্ৰ সন্থাক বিজেপি চৰকাৰে ৰাজনৈতিক ভাৱে ব্যৱহাৰ কৰিছে'-এই  অভিযোগ কংগ্ৰেছ নেতৃত্বৰ।দিছপুৰৰ গণেশ মন্দিৰৰ চৌহদত এই সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ হয়।

Your Comments