
নিউজ ডেস্ক:
বিজেপি বিৰোধী ধৰ্মনিৰপেক্ষ শক্তি একগোট হ'ব লাগে।বিজেপিক প্ৰতিহত কৰিবলৈ এই আহ্বান এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ।আজি তেওঁ কয় যে ,গণতন্ত্ৰক সুৰক্ষা কৰিবলৈ অসমত বিজেপিৰ বিৰোধী একগোট হ’ব লাগে।
ইফালে কংগ্ৰেছৰ দৰে সাংগঠনিক ভেটি আমাৰ নাই।কংগ্ৰেছক ভাল নিকা নেতাই নেতৃত্ব দিয়া প্ৰয়োজন ।গৌৰৱ গগৈয়ে নেতৃত্ব ল'ব লাগে বুলিও বৰভূঞাই কয়।
ইফালে অ-মুছলমান মানুহে কংগ্ৰেছ সম্পূৰ্ণ ত্যাগ কৰা বুলি উল্লেখ কৰি তেওঁ কয়- হিমন্ত বিশ্ব শৰ্মা এগৰাকী পৰিপক্ক নেতা।হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজিবলৈ গৌৰৱ গগৈৰ দৰে নেতাৰ প্ৰয়োজন আছে।
- Log in to post comments
- 9 views