"একাংশ মহিলাৰ দৰে দেহ বিক্ৰী কৰিছে কংগ্ৰেছৰ কেইগৰাকীমান বিধায়কে"- ৰাণা গোস্বামী

A

নিউজ ডেস্ক:

ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং সন্দৰ্ভত ৰাণা গোস্বামীৰ প্ৰতিক্ৰিয়া।কংগ্ৰেছৰ ৪-৬জনকৈ বিধায়কে বিজেপিক ভোট দিয়াৰ কথা স্বীকাৰ।ক্ৰছ ভোটিং কৰা গাড্ডাৰক চিনাক্ত কৰি অতিশীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান নেতৃত্বক।৪-৬ জন বিধায়ক দলৰ পৰা কমি গলেও দলৰ একো সমস্যা নহয় বুলি মন্তব্য কাৰ্যকৰী সভাপতি গোস্বামীৰ ৷চৰকাৰৰ সা-সুবিধা লৈ নিজকে বিক্ৰী কৰিছে একাংশ বিধায়কে।
"একাংশ মহিলাই যেনেদৰে পেটৰ তাড়নাত কিছু কাম কৰে।তেনেকৈ কংগ্ৰেছৰ একাংশ বিধায়কে সেই মহিলা সকলৰ দৰে নিজৰ দেহ মগজু বিক্ৰী কৰিছে।কিছুমান মহিলাই দেহা বিক্ৰী কৰি, মগজু বিক্ৰী কৰি চৰকাৰী সুবিধা আদায় কৰিছে।সেই মহিলা সকলতকৈ ওপৰত এইসকল বিধায়ক"- গোস্বামীয়ে কয়।
'নেমু গছৰ গুৰিত পোক লাগিছে, সেইপোক আঁতৰাব লাগিব।এআইইউডিএফৰ সকলো ভোট এন ডি এ প্ৰাৰ্থী গৰাকীয়ে পাইছে"- গোস্বামীয়ে কয়।

Your Comments