কংগ্ৰেছৰ ভিতৰৰ কেইজনমান কুলাঙ্গাৰৰ বাবে দল বদনামী হৈছে- ভূপেন বৰা

A

নিউজ ডেস্ক:

ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া।কংগ্ৰেছৰ ভিতৰত থকা প্ৰায় ৬জন ছদ্মবেশী বিজেপিৰ তালিকা লাভ।শীঘ্ৰে AICC লৈ প্ৰেৰণ কৰা হ'ব এই ছদ্মবেশী তালিকা।শীৰ্ষ নেতৃত্বই শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব  সেইসকল গাড্ডাৰৰ বিৰুদ্ধে।
ইফালে ক্ৰছ ভোটিং সন্দৰ্ভত বহু তথ্য লাভ কৰাৰ দাবী বৰাৰ।কংগ্ৰেছৰ ভিতৰত থকা কেইজনমান কুলাঙ্গাৰৰ বাবে দল বদনামী হৈছে-তেওঁ লগতে কয়।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ সতৰ্কবাণী প্ৰক্ষেপ কৰি বৰাই কয় -“বিজেপিৰ ভিতৰৰ খবৰ লাভ কৰিছো।মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি থকা কেইবাগৰাকীও সভাপতি, বিধায়ক, মন্ত্ৰী আছে বিজেপিত।খবৰ আমিও পাই থাকো।"
ইফালে কংগ্রেছৰ ভিতৰত থকা ছদ্মবেশী বিজেপিক এতিয়াই চিনাক্ত কৰিব নোৱাৰিলে ভৱিষ্যতে বিপদত পৰাৰ আশংকা কৰি বৰাই কয়- “এতিয়া আমি সাৱধান হ’ম।অতিশীঘ্ৰে আটাইকেইজনকে চিনাক্তকৰণ কৰা হ'ব।২৬জনৰ ভিতৰত ৬জন বিধায়কে ক্ৰছ ভোটিং কৰিছে সেয়া মানি লৈছে।এই কথাক লৈ লাজ কৰি লাভ নাই।ক্ৰছ ভোটিং কৰা ৬জনক বিচাৰি উলিয়াব পাৰিম” বুলিও কয় বৰাই।
আনহাতে এআইইউডিএফে গৌৰৱ গগৈক নেতৃত্ব দিব লাগে বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰাই কয়-“মই সভাপতি হোৱাৰ পূৰ্বে ৭গৰাকী সভাপতিৰ লগত কাম কৰিছোঁ।সভাপতিৰ পৰা আতৰিও আৰু ৭ জনৰ লগত কাম কৰিম।"
"মইও ব্যক্তিগত ভাৱে বহু প্ৰলোভন পাওঁ।কিন্তু ৰাইজৰ লগত আছোঁ।আনে বজোৱা বেণ্ড পাৰ্টীত কংগ্ৰেছে নানাচে।সৎ মানুহক ভয়াতুৰ,সন্মানিত মানুহক কাপুৰুষ বুলি ভবাৰ এক পৰিৱেশৰ সূচনা হৈছে ৰাজ্যত” বৰাই কয়।

Your Comments