কংগ্ৰেছ-AIUDF ভাই-ককাই, লোকসভা নিৰ্বাচনত আকৌ একেলগ হ'ব- ভৱিষ্যতবাণী বিধায়ক দিগন্ত কলিতাৰ

A

নিউজ ডেস্ক:

"কংগ্ৰেছ-এআইইউডিএফ ভাই-ককাই, সাময়িক ভাৱে ৰোহঘৰত সোমাই আছে।দিল্লীত ছোনিয়া মেডামে একেলগ হবলৈ কোৱাৰ পিছদিনাই আলিংগন কৰি লোকসভাত একেলগ হ'ব"- এইয়া ভৱিষ্যতবাণী বিজেপিৰ বিধায়ক দিগন্ত কলিতাৰ।কংগ্ৰেছ-এআইইউডিএফৰ কাজিয়াক মস্ত নাটক আখ্যা দি বিধায়ক কলিতাই কয়-  যিমানেই কাজিয়া নকৰক লোকসভা নিৰ্বাচন একেলগে খেলিব।
ভূপেন বৰা বা এআইইউডিএফে কব নোৱাৰে মিত্ৰতা কেন্দ্ৰীয় ভাৱে নাই বুলি।ইউপিএৰ সৈতে একেলগতে আছে এআইইউডিএফ।কেন্দ্ৰত মিত্ৰতাত থাকি ইয়াত ৰাইজক দেখুৱাই এখন নাটক কৰি থাকে- কলিতাই কয়।
আনহাতে AIUDF বিধায়ক কৰিমুদ্দিন বৰভূঞাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ হ’ব লাগে বুলি কোৱা প্ৰসংগত কলিতাই কয়- সভাপতি সলনি হলেই সমৰ্থন কৰিব।সভাপতি সলনি নহলে সমৰ্থন নকৰে তাৰ অৰ্থ ভূপেন বৰাৰ লগত ই'গত লাগি আঁতৰি আছে AIUDF।

লোকসভা নিৰ্বাচনত কংগ্ৰেছক শূণ্য কৰা আমাৰ লক্ষ্য আছে।লোকসভাৰ এখনো আসন কংগ্ৰেছক লবলৈ দিয়া নহব এইয়া বিজেপিৰ সংকল্প।কংগ্ৰেছক ক্ষমতাহীন কৰাৰ বাবে বিজেপিয়ে প্ৰস্তুতি আৰম্ভ কৰা বুলি অৱগত কৰে কমলপুৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে।ইফালে ৰাষ্ট্ৰপতি নিৰ্বাচনত এনডিএয়ে প্ৰাৰ্থীয়ে বিৰোধীৰ ভোট পোৱা কথা স্বীকাৰ কৰে কলিতাই।

Your Comments