ৰাজনৈতিক পৰ্যায়ত নহয় বিধায়িনী দলৰ মাজত বিজেপি -বিপিএফৰ মিত্ৰতা- হিমন্ত বিশ্ব শৰ্মা

A

নিউজ ডেস্ক:

জল্পনা-কল্পনাৰ  অৱসান ঘটাই দেওবাৰে আনুষ্ঠানিক ভাৱে মিত্ৰতা পাশত আবদ্ধ হ’ল বিজেপি-বিপিএফ  ৷ৰাজনৈতিক ভাৱে মিত্ৰতা হোৱা নাই যদিও বিধায়িনী দলৰ পৰ্যায়ত মিত্ৰতা হৈছে দুয়োটা দলৰ মাজত।এতিয়াৰে পৰা অসম বিধানসভাত চৰকাৰী পক্ষত বহিব বিপিএফ।দিছপুৰ জনতা ভৱনত বিপিএফৰ তিনিজন প্ৰতিনিধিৰ উপস্থিতিত এই ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।ৰাজনৈতিক পৰ্যায়ত মিত্ৰতাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰি শৰ্মাই লগতে কয় -বিধায়িনী পৰ্যায়ৰ মিত্ৰতাত আপত্তি নাই ইউপিপিএলৰ।ৰাজনৈতিক ভাৱে মিত্ৰতাৰ বাবে বিপিএফ আৰু ইউপিপিএলৰ মাজত হ’ব লাগিব বুজাবুজি।উল্লেখ্য যে বিধানসভাত চৰকাৰৰ পক্ষত বিধায়কৰ সংখ্যা বৃদ্ধি পালে ৮২জনলৈ।

গুৰুত্বপূৰ্ণ কথা এই যে ,মুখ্যমন্ত্ৰীৰ সংবাদমেলত বিপিএফৰ দুৰ্গা দাস বড়ো প্ৰমুখ্যে অন্য দুগৰাকী নেতা উপস্থিত থাকে ।
আনহাতে, উক্ত সংবাদমেলতে পূৰ্বৰ  বছৰসমূহৰ দৰে এইবাৰ গণৰাজ্য দিৱস বিৰোধ নকৰা আলফা(স্বা) ৰসিদ্ধান্তক আদৰণি জনায় মুখ্যমন্ত্ৰী শৰ্মাই।আলফা(স্বা)ৰ এনে সিদ্ধান্তই এদিন আলোচনাৰ পৰ্যায়লৈ যাব পাৰিব বুলিও তেওঁ লগতে কয়।

ইফালে সোমবাৰে প্ৰথমবাৰৰ বাবে  ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান  অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা বিয়লি ৩বজাত আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

Your Comments