বড়িগোগ বনভাগ মণ্ডল বিজেপি, সংখ্যালঘু মৰ্চাৰ কাৰ্যভাৰ গ্ৰহণ

A

নিউজ ডেস্ক:

 ভাৰতীয় জনতা পাৰ্টীৰ  নলবাৰী জিলাৰ অন্তৰ্গত বড়িগোগ বনভাগ মণ্ডল সংখ্যালঘু মৰ্চাৰ  নৱনিৰ্বাচিত সমিতি খনে আজি কাৰ্যভাৰ গ্ৰহণ কৰে।  ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ কাৰ্যালয়ত আজি আবেলি অনুষ্ঠিত হোৱা  সভাখনত  বড়িগোগ বনভাগ মণ্ডল বিজেপি ৰ সংখ্যালঘু মৰ্চাৰ  সভা পতি চামচুল আলীৰ লগতে আন বিষয় ববীয়াসকলক দায়িত্ব অৰ্পণ খৰে। বড়িগোগ বনভাগ মণ্ডল সংখ্যালঘু মৰ্চা সাধাৰণ সম্পাদক চাইদুল ইছলামে আঁত ধৰা সভাখনত নলবাৰী জিলাৰ সংখ্যালঘু মৰ্চা সভাপতি চবিৰ আহমেদ, সাধাৰণ সম্পাদক মজিবৰ ৰহমান, বড়িগোগ বনভাগ মণ্ডল বিজেপি ৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,সম্পাদক বুবুল দাস,মৃগেন শৰ্মাকে ধৰি শতাধিক সংখ্যালঘু মৰ্চাৰ কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে। অনুষ্ঠান ত সংখ্যালঘু মৰ্চা ৰ  নলবাৰী জিলা সমিতিৰ সভাপতি চবিৰ আহমেদে নিজৰ ভাষণত কয় যে কংগ্ৰেছ দলক দেশ শাসন ৰ ৭০ বছৰ সুবিধা দিয়া ৰ পিছতো সংখ্যা লঘু ৰাইজক  প্ৰতাৰণা কৰি আহিছে বুলি উল্লেখ কৰে।।লগতে তেওঁ বিজেপি দলে সংখ্যালঘুসকলক উপায়ুক্ত সন্মান দিয়াৰ লগতে  ভৱিষ্যত ও  বিজেপি ক সহায়- সহায়োগিতা কৰিবলৈ সংখ্যা লঘু ৰাইজক আহ্বান জনায়।সভাত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই ভাষণত আগন্তুক দিনত সংখ্যালঘু মৰ্চা অধিক শক্তিশালী হব বুলি আশা প্ৰকাশ কৰে।উক্ত সভাতে বড়িগোগ বনভাগ মণ্ডল সংখ্যালঘু মৰ্চা সভাপতি চামচুল আলী,সাধাৰণ সম্পাদক চাইদুল ইছলাম সহ ৪১ জনীয়া পুৰ্ণাংগ সমিতিখনে কাৰ্যভাৰ গ্ৰহণ কৰে।ইফালে বড়িগোগ বনভাগ মণ্ডল সংখ্যালঘু মৰ্চা ৰ সভাপতি চামচুল আলীয়ে অনাগত দিনত সংখ্যালঘু সমিতি খনে শক্তি ৰূপত কাম কৰিব বুলি সদৰী কৰে।

Your Comments