নিউজ ডেস্ক:
কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনৰ ফলাফল ঘোষণা।৬টাকৈ গুৰুত্বপূৰ্ণ পদত জয়লাভ কৰে ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে।আছু আৰু ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীক পৰাস্ত কৰি সাধাৰণ সম্পাদকৰূপে জয়ী ছাত্ৰ মুক্তিৰ অভিষেক মহন্ত।
উপ-সভাপতি পদত ছাত্ৰ মুক্তি হীনা দেউৰী।
উপ-সাধাৰণ সম্পাদকৰ পদত ছাত্ৰ মুক্তি জুমি গগৈ।
ছাত্ৰী জিৰণি কোঠাত ছাত্ৰ মুক্তি নম্ৰতা বৰুৱা।
লঘু খেল বিভাগত ছাত্ৰ মুক্তি Fwarmaishree Brahma।
ইয়াৰ উপৰিও প্ৰথমবাৰৰ বাবে ক'ৰ্ট মেম্বাৰ পদত জয়ী হয় ছাত্ৰ মুক্তি চন্দ্ৰামিতা দাস।
আনহাতে সভাপতি পদত জয়ী হয় নিয়ৰ ডেকা।
কটনিয়ানৰ সম্পাদক পদত আছুৰ প্ৰাৰ্থী শাশ্বতী প্রিয়দর্শীনি।
ছাত্ৰ জিৰণি চৰাত আছু প্ৰাৰ্থী আকাশ ভট্টাচাৰ্য।
তৰ্ক আৰু আলোচনা বিভাগৰ সম্পাদক পদত আছুৰ সুদৰ্শন শৰ্মা।
সমাজসেৱীকা সম্পাদক পদত আছুৰ নম্ৰতা শৰ্মা জয়ী।
সংগীত বিভাগৰ সম্পাদক পদত আছুৰ উজ্জীৱিত বৰুৱা।
সাংস্কৃতিক সম্পাদক পদত চন্দ্ৰ জ্যোতি বনিয়া।
ফুটবল আৰু হকী বিভাগত আছুৰ ৰূপম দেউৰী।
এথলেটিক সম্পাদক আছুৰ এনিশা বুংৰুং।
ক্ৰিকেট বিভাগৰ সম্পাদক নিয়ৰ মণি কলিতা।
টেনিছ, সাঁতোৰা আৰু শৰীৰ চৰ্চা বিভাগৰ সম্পাদক আছুৰ দ্বীপশিখা কাকতি জয়ী হয়।
ইয়াৰ উপৰিও প্ৰথমবাৰলৈ কৰ্ট মেম্বাৰৰ দ্বিতীয়টো পদত জয়ী আছুৰ নেপুৰ ৰঞ্জন হাজৰিকা।
উল্লেখ্য যে ১৬টা বিভাগৰ আৰু দুটা ক'ট মেম্বাৰ পদৰ বাবে মুঠ ৫০গৰাকী প্ৰাৰ্থীৰ ভাগ্য মঙলবাৰে বেলত বাকচত বন্দী হৈছিল।।
গুৰুত্বপূৰ্ণ কথা এই যে দুটা বছৰৰ পাছত অনুষ্ঠিত হৈছিল কটনৰ সাধাৰণ নিৰ্বাচন।
- Log in to post comments
- 44 views