নিৰ্বাচনৰ ফলাফল ঘোষণাৰ আগ নিশা কটনৰ একাংশ শিক্ষাৰ্থীৰ উদ্ভণ্ডালি

A

 

B

নিউজ ডেস্ক:


ঐতিহাসিক কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনী হিংসা।ফলাফল ঘোষণাৰ পূৰ্বেই একাংশ শিক্ষাৰ্থীৰ নিশা উদ্ভণ্ডালি।প্ৰাপ্ত খবৰ মতে যোৱা নিশা প্ৰায় ১২ বজাত সীতানাথ ব্ৰহ্ম চৌধুৰী ছাত্ৰাবাসৰ একাংশ আৱাসীয়ে অশ্ৰাব্য  গালি-গালাজেৰে কাষতে লাগি থকা বিশ্ববিদ্যালয়ৰ মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাৱাসলৈ লক্ষ্য কৰি বিভিন্ন শিল, বটল, লাঠীৰে আৱাসীসকল নিশা শুই থকা অৱস্থাত আক্ৰমণ কৰে।বহুকেইখন খিৰিকীৰ গ্লাছ ভাঙি ভিতৰলৈ মদৰ বটল ভঙা গ্লাছ দলিয়ায়।শসোভাগ্যক্ৰমে কোনো আৱাসী আঘাতপ্ৰাপ্ত হোৱা নাই যদিও প্ৰাণৰ শংকাত নিশা হোষ্টেলৰ কোঠা এৰি গ্ৰাউণ্ডত অৱস্থান কৰিছিল বুলি জানিবলৈ দিছে আৱাসীসকলে।উল্লেখ্য যে সমগ্ৰ আক্ৰমনৰ ঘটনা আৱাসীসকলে বন্দী কৰি ৰাখিছে মোবাইলত।ইফালে আক্ৰমণ কৰা সময়ত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে এম এন ডি পি ছাত্ৰাৱাসৰ আৱাসী সকলে ।

গুৰুত্বপূৰ্ণ কথা এই যে ,মঙলবাৰে অনুষ্ঠিত হৈছিল কটনৰ ছাত্ৰ একতা সভা সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ।সেই ভোটগ্ৰহণৰ ফলাফল আজি দিনৰ ভাগত ঘোষণা হ'ব কিন্তু তাৰ পূৰ্বেই  প্ৰতিদ্বন্দী পক্ষক নিশা এইদৰে আক্ৰমণৰ লক্ষ্য কৰি লয় একাংশ উন্মাদ শিক্ষাৰ্থীয়ে।

Your Comments