নিউজ ডেস্ক:
ভাৰতীয় জাতীয় কংগ্ৰেছৰ আজি ১৩৭সংখ্যক প্ৰতিষ্ঠা দিৱস।সমগ্ৰ দেশৰ সমান্তৰালকৈ অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়তো আজি উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱস।গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে।পতাকা উত্তোলন কৰি দলৰ কাৰ্যকৰ্তাসকলক শুভেচ্ছা জনোৱাৰ লগতে দলটোক শক্তিশালী কৰাত প্ৰতিজন কৰ্মীৰ সহায়-সহযোগিতা বিচাৰে।
আনহাতে, প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰদেশ কংগ্ৰেছৰ সেৱা দলে ৰাজীৱ ভৱনৰ পৰা ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে।ত্ৰিৰংগ যাত্ৰাত সভাপতি ভূপেন বৰাৰ উপৰিও বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন প্ৰমুখ্যে বহুকেইজন জ্যেষ্ঠ নেতাই অংশ লয়।
ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী ৰাজীৱ ভৱনৰ পৰা ভঙাগড় হৈ পুনৰ ৰাজীৱ ভৱনলৈ উভতি যায়।যাত্ৰাত প্ৰায় শতাধিক কংগ্ৰেছ কর্মীয়ে অংশ গ্ৰহণ কৰে ।
- Log in to post comments
- 6 views