নিউজ ডেস্ক:
মঙলবাৰে গুৱাহাটীৰ তীৰ্থনাথ শৰ্মা সভাগৃহত অনুষ্ঠিত ৰাইজৰ দলৰ সাধাৰণ পৰিষদৰ বৈঠকত ৰাজ্যৰসাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত গ্ৰহণ কৰা হয় পাঁচটাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাংবিধানিক বিধি ব্যৱস্থা আৰু গণতান্ত্ৰিক মূল্য বোধেৰে শাসন চলোৱাৰ আহ্বান জনায়।ৰাজ্যত সাম্প্ৰদায়িক বিদ্বেষ মৌলবাদী, বৰ্ণবাদী, গোষ্ঠীবাদীৰ বিভাজন সৃষ্টি কৰা বিপৰীতে সাম্প্ৰদায়িক সম্প্ৰীতি, গণতান্ত্ৰিক বাতাবৰণ গঢ়ি তুলিবলৈ পৰামৰ্শ প্ৰদান কৰে আঞ্চলিক দলটোৱে।
নাগালেণ্ডৰ মন জিলাত সংঘটিত সেনাৰ বৰ্বৰ হত্যাকাণ্ডৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনায়।সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ প্ৰস্তাৱ গ্ৰহণ।
একেদৰে নাগৰিকত্ব সংশোধনী আইন-২০১৯ আৰু আৰু বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ৰাইজৰ দলে ধাৰাবাহিক আন্দোলন গ্ৰহণৰ প্ৰস্তাৱ।
অসমৰ কৃষকৰ উৎপাদিত ধানৰ ন্যূনতম মূল্য সহকাৰে এফচিআই আৰু অন্যান্য চৰকাৰী প্ৰতিষ্ঠান সমূহে ক্ৰয় কৰা, মূল্যবৃদ্ধি ৰোধ কৰা, নিবনুৱা এশ শতাংশ কৰ্ম সংস্থাপন, ছয় জনজাতি জনজাতিকৰণ, অসম চুক্তি ৬নং দফা ক্ষীপ্ৰ আৰু পূৰ্ণ ৰূপায়ন, শুদ্ধ এন আৰ চি কাৰ্যকৰী কৰা, বিশেষ ৰাজ্য মৰ্যদা অসমক প্ৰদান কৰা আৰু কা' বিৰোধী আন্দোলনৰ ৬শ্বহীদৰ পৰিয়ালক উপযুক্তৰ ক্ষতিপূৰণৰ দাবীত ধাৰাবাহিক আন্দোলনৰ প্ৰস্তাৱ সাধাৰণ পৰিষদৰ সভাত গ্ৰহণ।
ইয়াৰ উপৰিও ৰাইজৰ দলত ৰাছেল হুছেইন, ধৈৰ্য কোঁৱৰক সাধাৰণ সম্পাদক, জীৱন বৰা আৰু হিৰণময়ী বৰগোঁহাইক উপসভাপতি, অনুপ বৰপাত্ৰ গোহাঁইক সম্পাদক, অম্লানজ্যোতি গগৈক সাংগাথঁনিক সম্পাদকৰ দায়িত্ব অৰ্পণৰ প্ৰস্তাৱ গ্ৰহণ কৰে।
- Log in to post comments
- 6 views