মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰক- বিধায়ক শ্বেৰমান আলি আহমেদ

A

নিউজ ডেস্ক:

জেলৰ পৰা ওলাইয়ে পুনৰ বিস্ফোৰণ বাঘবৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ ।পূৰ্বৰ স্থিতিত অটল থকাৰ কথা পুনৰ দোহাৰিলে শ্বহীদক অপমান কৰি ২ মাহ কাৰবন্দী হোৱা বিধায়কজনে।

মুকলি আকাশৰ তললৈ আহিয়েই বিধায়ক আলিয়ে ৰাজনীতিৰ ষড়যন্ত্ৰ বলি হোৱা বুলি অভিযোগ উত্থাপন কৰে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন নকৰাৰ গুৰুতৰ  অভিযোগ বিধায়ক গৰাকীৰ।সংবাদ মাধ্যমত কয়-অসমৰ জনসাধাৰণৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে ডঃ শৰ্মা নেতৃত্বাধীন এইখন চৰকাৰে।কৰাগাৰৰ কদৰ্য্যময় অভিজ্ঞতাৰ বিষয়ে মন্তব্য প্ৰকাশ কৰে বাঘবৰৰ বিধায়ক আলিয়ে।

ইফালে শ্বহীদৰ বিতৰ্কৰ পাছতে কংগ্ৰেছে নিলম্বন কৰা বিধায়ক গৰাকীয়ে কাৰাবন্দী অৱস্থাত কংগ্ৰেছ দলৰ পৰা কোনো সহায় নোপোৱা বুলি কয়।

উল্লেখ্য যে ২মাহ ৪টা দিনৰ অন্তত মুকুলি আকাশৰ তললৈ আহিছে বিধায়ক শ্বেৰমান।৬০দিন জেলতে কটাই সোমবাৰে আৰক্ষীৰ ব্যৰ্থতাৰ বাবে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে মঞ্জুৰ কৰে জামিন।সোমবাৰে জামিন লাভ কৰিছিল যদিও কালি পুৱাহে মুকলি আকাশৰ তললৈ আহে শ্বেৰমান।

গুৰুত্বপূৰ্ণ কথা এই  যে ২ অক্টোবৰত  দিছপুৰৰ বিধায়ক আবাসৰ পৰা অসমবাসীৰ প্ৰতিবাদত পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।তেওঁৰ বিৰুদ্ধে কেইবাটাও ধাৰাত ৰুজু হৈছিল গোচৰ।কিন্তু গোচৰ ৰুজু কৰি অভিযোগনামা আদালতত দাখিল কৰিব নোৱাৰা বাবে লাভ কৰিলে জামিন।

Your Comments