নিউজ ডেস্ক:
অসম আন্দোলনৰ শ্বহীদক ঘাটক আখ্যা দি ২ মাহ কাৰবন্দী জীৱন অতিবাহিত কৰি অৱশেষত মুকলি আকাশৰ তললৈ ওলাল কংগ্ৰেছৰ বাঘবৰৰ নিলম্বিত বিধায়ক শ্বেৰমান আলি আহমেদ।বিধায়ক গৰাকী মুকলি হোৱাৰ পাছত পুনৰ কংগ্ৰেছ দলে আঁকোৱালি ল'ব নে নাই তাক লৈও ৰাজনৈতিক মহলত ব্যাপক চৰ্চা।শ্বহীদক অপমান কৰাৰ পাছতে বিতৰ্কিত বিধায়ক গৰাকীক দলে নিলম্বন কৰিছিল।
ইফালে শ্বেৰমান মুকলি আকাশৰ তললৈ অহাৰ পাছতেই কংগ্ৰেছৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ তাৎপৰ্যপূৰ্ণ মন্তৱ্য- তেওঁৰ কেতবোৰ মন্তব্যৰ বাবে কাৰণ দৰ্শোৱা জাননী জাৰি কৰা হৈছিল।দোষী সাব্যস্ত হলে দলে ব্যৱস্থা গ্ৰহণ কৰিব।দলৰ নীতি নিয়মৰ মাজেৰে শ্বেৰমানৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে।দল অনুশাসন কমিটিক উত্তৰ দিব লাগিব।
আনহাতে, কিছুমান কথা পাহৰি সমাজখন আগবঢ়াই নিব লাগে।একেটা কথাতে লাগি থাকিলে সমাজৰ উন্নতি নহয় বুলি কয় দলপতি গৰাকীয়ে।
ইফালে AIUDFৰ নীতি আদৰ্শ দলিয়াইহে কংগ্ৰেছত যোগদান কৰিছিল শ্বেৰমানে।কংগ্ৰেছৰ বিধায়ক হৈ পুনৰ যে AIUDFত যোগদান কৰিব মোৰ বোধেৰে নালাগে।যদি যোগ দিয়েও তেন্তে এই সন্দৰ্ভত শইকীয়া জ্ঞাত নহয় বুলি কয়।
- Log in to post comments
- 25 views