নিউজ ডেস্ক:
ছাত্ৰ-ছাত্ৰীৰ পাঠদান বৰ্জন কৰি প্ৰাপ্য বিচাৰি ৰাজপথলৈ ওলাই আহিল ৰাজ্যৰ অ-প্ৰাদেশিকৃত শিক্ষক-কৰ্মচাৰী।গুৱাহাটী চছলৰ ধৰ্ণাস্থলীত সোমবাৰে ১৪ দফীয়া দাবীত সাব্যস্ত কৰে বিশাল জাগৰণ সভা আৰু ধৰ্ণা কাৰ্যসূচী।
শিক্ষা বিভাগ হায় হায়, শিক্ষকক স্থায়ী নিযুক্তি প্ৰদান কৰক,অসম চৰকাৰ হায় হায়, আমাক ভাত দিয়ক আদি বিভিন্ন শ্লোগানে পৰিৱেশ উত্তাল কৰি তোলে।
চৰকাৰী অনুমতি থকা ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ আইনৰ আওতালৈ আনিব লাগে।বিদ্যালয় পৰিচালনা সমিতিৰ নিযুক্তি পত্ৰসমূহ বাহাল ৰাখিব লাগে।
২০১৭-১৮ অসম শিক্ষা আইন সংশোধন কৰি নৱম শ্রেণীৰ সলনি অষ্টম শ্ৰেণীক প্ৰথম শ্রেণী হিচাপে ধৰি প্ৰাদেশিকৰণ কৰিব লাগে।
২০১৩, ২০২১বর্ষত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত পদসমূহ প্ৰাদেশিকৰণ কৰাৰো দাবী জনায় শিক্ষকসকলে ।
গুৰুত্বপূৰ্ণ কথা এই যে পূৰ্বতেও চাকৰি নিয়মীয়াকৰণৰ দাবীত শিক্ষক কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও অসম চৰকাৰ তথা শিক্ষা বিভাগে তেওঁলোকৰ দাবীৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নিদিয়া বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদত অংশগ্ৰহণ কৰি সন্থাৰ সাধাৰণ সম্পাদক পঞ্চম কুমাৰ মিলিয়ে।শিক্ষামন্ত্ৰী ৰনোজ পেগুক সাক্ষাৎ কৰি তেওঁলোকৰ দাবীসমূহ অৱগত কৰিছিল কিন্তু শিক্ষামন্ত্ৰী গৰাকীয়ে তেওঁলোকক স্কুল ত্যাগ কৰি ৰাজনীতিৰ দলত যোগদান বা খেতি-ব্যৱসায়িক কামত জড়িত হোৱাৰ পৰামৰ্শ দিয়া বুলি মিলিয়ে লগতে কয়।
উল্লেখ্য যে ২০০৬-০৭বৰ্ষৰ পৰা শিক্ষকসকলে বিনা বেতনে শিক্ষাদান আগবঢ়াই আহিছে।
- Log in to post comments
- 90 views