নিউজ ডেস্ক:
প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যেৰে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ। 'আকৌ নতুন প্ৰভাত হ'ব'ৰ শীর্ষক প্ৰশিক্ষণ শিবিৰ অহা ১৫ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব।নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আয়োজিত প্ৰশিক্ষণত ৰাজ্যৰ প্ৰায় পাঁচ শতাধিক কংগ্ৰেছ প্ৰতিনিধিয়ে অংশ ল'ব।সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত প্ৰদেশ কংগ্ৰেছে এই কথা প্ৰকাশ কৰিছে।
তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ সাংসদ পি চিদাম্বৰম, নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল, অসম প্ৰদেশৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং।
প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধিসকলক প্ৰশিক্ষণ প্ৰদান কৰিব নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰশিক্ষণ বিভাগৰ সমল ব্যক্তিৰ এটা দলে।উল্লেখ্য যে প্ৰশিক্ষণ শিবিৰত অংশ লব বিধায়ক-সাংসদ, প্ৰাক্তন সাংসদ-বিধায়ক, নিখিল ভাৰত কংগ্ৰেছ কমিটি অসমৰ সদস্য, প্ৰদেশ কংগ্ৰেছৰ সদস্য, জিলা কংগ্ৰেছৰ সভাপতি, ব্লক কংগ্ৰেছ কমিটি সভাপতি, ২১ৰ নিৰ্বাচনত প্ৰতিদ্বন্দী প্ৰাৰ্থী, প্ৰদেশ কংগ্ৰেছৰ ভাতৃ-ভগ্নী সংগঠনৰ নেতৃত্ব, জিলা পৰিষদৰ সভাপতি-উপ সভাপতি আদিয়ে অংশগ্ৰহণ কৰিব।প্ৰদেশ কংগ্ৰেছজ শক্তিশালী কৰাৰ লগতে অসমৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।
- Log in to post comments
- 9 views