ৰাজীৱ ভৱনত যুৱ কংগ্ৰেছৰ নতুন কমিটীৰ দায়িত্ব গ্ৰহণ

A


নিউজ ডেস্ক:
গুৱাহাটীৰ ৰাজীৱ ভৱনত বৃহস্পতিবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটীৰ নৱ-নিযুক্ত সভানেত্ৰী ড৹ অংকিতা দত্ত ,কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰী আৰু উপ-সভাপতি পৰিতোষ ৰয়ে দায়িত্বভাৰ গ্ৰহণ কৰে ।এই উপলক্ষে ৰাজীৱ ভৱন চৌহদত অনুষ্ঠিত সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে দেশৰ এই সন্ধিক্ষণত যুৱ প্ৰজন্মই সাহেসেৰে নেতৃত্ব দি দেশৰ মৌলিক সামাজিক চৰিত্ৰ সলনি কৰিব বিচৰাসমূহ সাম্প্ৰদায়িক আৰু ধৰ্মান্ধ শক্তিক প্ৰতিহত কৰিব লাগিব । দেশৰ এই নতুন সামাজিক আৰু ৰাজনৈতিক সংগ্ৰামত তেওঁ সদায় যুৱ শক্তিৰ সৈতে একাত্ম হৈ থাকিব বুলি উল্লেখ কৰে ।

Your Comments